Page Nav

HIDE

এছ আই কেলেংকাৰী : মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ঃ আৰŽক্ষীৰে খণ্ডযুদ্ধ, কে’বাজনো কংগ্ৰেছ কৰ্মী আহত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্য উত্তাল হৈ আছে। প্ৰতিমুহূৰ্তত গ্ৰেপ্তাৰ হৈছে এজনৰ পিছত এ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্য উত্তাল হৈ আছে। প্ৰতিমুহূৰ্তত গ্ৰেপ্তাৰ হৈছে এজনৰ পিছত এজনকৈ অভিযুক্ত। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিকাভাৱে পৰীক্ষা পাতিব নোৱাৰা বিষয়টোক লৈ এতিয়া চৰ্চা লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ নাকৰ তলতেই সংঘটিত এই ভয়াৱহ কেলেংকাৰীক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি মহানগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দিছপুৰৰ মানৱেন্দ্ৰ কমপ্লেক্সৰ পৰা সমদল কৰি ওলোৱাৰ পিছত পূৰ্বৰ পৰাই খাপ পিটি থকা কটকটকীয়া নিৰাপত্তাৰক্ষীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ খণ্ডযুদ্ধ হয়। আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হোৱা হতাহতি আৰু ঠেলা-ঠেলিত কে’বাজনো কংগ্ৰেছ কৰ্মী আহত হয়।

 একপ্ৰকাৰ উক্ত সমদলত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়। পিছত আৰক্ষীয়ে সভাপতি ৰিপুন বৰাসহ কংগ্ৰেছ কৰ্মীসকলক আটক কৰি নিয়ে। উল্লেখ্য যে আজি দিছপুৰস্থিত মানৱেন্দ্ৰ কমপ্লেক্সত এছ আই পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ উচ্চস্তৰীয় তদন্তৰ দাবী তুলি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰীসকলে মানৱেন্দ্ৰ কমপ্লেক্সৰ পৰা ৰাজপথলৈ ওলাই অহাৰ সময়তেই প্ৰথমে বেৰিকেড দি বাধা দিয়াৰ চেষ্টা কৰে আৰক্ষীয়ে। কিন্তু বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই অহাত প্ৰথমে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, তাৰ পিছত ক্ৰমে বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনকে আদি কৰি আন কংগ্ৰেছ কৰ্মীসকলক আটক কৰে আৰক্ষীয়ে।

 কংগ্ৰেছ কৰ্মীসকলক আটক কৰি এপিবিএনৰ কাৰ্যালয়লৈ নিয়া হয়। উল্লেখ্য যে এই সন্দৰ্ভত সভাপতি ৰিপুন বৰাই কয় যে চিআইডিৰ তদন্তক বিশ্বাস কৰিব নোৱাৰি। চিবিআইও বিজেপি চৰকাৰৰ হাতৰ পুতলা হৈ পৰিছে। সেয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে এছআই কেলেংকাৰীৰ তদন্ত হ’ব লাগে। চৰকাৰে যি ধৰণে তদন্ত কৰি আছে তাৰ বাবে পুঠি-খলিহনা জালত পৰিব কিন্তু ৰৌ-বৰালি সাৰি যাব। আনকি এই কেলেংকাৰীত বিজেপি বিধায়ক আৰু নেতাও সাঙোৰ খাই আছে। এইসকলক ৰক্ষণাবেক্ষণ দিয়াৰহে চেষ্টা চলিছে। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ দাবী তোলে।