Page Nav

HIDE

VIDEO হায়দৰাবাদৰ বিৰুদ্ধে ২৬ বলত ৪২ ৰানেৰে ৰাজস্থানৰ ফিনিচাৰৰ ৰূপত ৰিয়ান পৰাগ : ছয় কোবাই বিহু নাচি উল্লাস প্ৰদৰ্শন

When life brings pressure, just 🕺🏻 like Riyan. #SRHvRR | #HallaBol | #Dream11IPL | #GivesYouWings | @ParagRiyan | @redbullindia pic...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ :  সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাত সফল নোহোৱাত ৰাজস্থান ৰয়েলছে বাদ দিছিল ৰিয়ান পৰাগক। কিন্তু আজি পুনৰ দলত চামিল কৰাৰ পিছতেই ৰিয়ান যে এজন প্ৰতিভাৱান খেলুৱৈ সেয়া প্ৰমাণিত কৰিলে। বিগত বৰ্ষত চেন্নাই আৰু কলকাতাৰ বিৰুদ্ধে অন্তিম মুহূৰ্তত ফিনিচাৰৰ ৰূপত অৱতীৰ্ণ হৈছিল ৰিয়ান পৰাগ। তদুপৰি আইপিএল ইতিহাসত সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে অৰ্ধশতক অৰ্জন কৰিছিল। আজি ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৫৮ ৰানৰ জয়ৰ লক্ষ্য বান্ধি দিছিল যদিও ৭৮ ৰানতে বেন ষ্টক, ষ্টিভ স্মিথ, জ’ছ বাটলাৰ, ৰবিন উত্থাপ্পা, সঞ্জু ছেমচন আউট হোৱাৰ পিছতে শ’লঠেকত পৰিছিল ৰাজস্থান ৰয়েলছ।



মন্থৰ উইকেটত কিদৰে বেটিং কৰিব লাগে তাৰ সুন্দৰ প্ৰদৰ্শন আগবঢ়াই দেখুৱাই ৰিয়ানে ক্ৰিজৰ এটা মূৰত খোপনি পুতি লৈছিল। সংগত আছিল কাৰ্টেলৰ অভাৰত পাঁচটাকৈ অভাৰ বাউণ্ডেৰী মৰা ৰাহুল টেৱটিয়া। ১৫ অভাৰ সম্পূৰ্ণ হোৱাৰ পিছত জয়ৰ বাবে বৃহৎ লক্ষ্য আছিল যদিও ৰিয়ানে আৰম্ভ কৰিছিল মাৰমুখী বেটিং। দুটা ছয় আৰু দুটা চাৰিৰে মাত্ৰ ২৬টা বলত ৪২ ৰানৰ বৰঙনি আগবঢ়াই ৰাজস্থান ৰয়েলছক জয়ী কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে ৰিয়ানে। ৰিয়ানক সহযোগিতা আগবঢ়ায় ৰাহুল টেৱটিয়াই। অন্তিম অভাৰত খলিলৰ এটা বলত এক্সট্ৰা ক’ভাৰৰ ওপৰেৰে সুবিশাল ছয় কোবাই ৰাজস্থান ৰয়েলছৰ জয় সুনিশ্চিত কৰে ৰিয়ানে। ছয় কোবোৱাৰ পিছতেই ক্ৰিজতেই ৰিয়ানে বিহু নাচি প্ৰদৰ্শন কৰে উল্লাস। ষষ্ঠ উইকেটৰ যুটিত ৰিয়ান পৰাগ আৰু টেৱটিয়াই অপৰাজিতভাৱে ৮৫ ৰান সংগ্ৰহ কৰি দীৰ্ঘদিনৰ পিছত ৰাজস্থানক জয়ী কৰোৱায়।