Page Nav

HIDE

কাজিৰঙাত গৰাকী বিহীন বাইকক লৈ তীব্ৰ চাঞ্চল্য

গণ বাৰ্তা , বোকাখাত,২ অক্টোবৰ  : কহঁৰা আৰক্ষী চকীৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আজি এখন গৰাকী বিহীন মটৰ বাইক উদ্ধাৰ হয় । উল্লেখ্য আজি ম...


গণ বাৰ্তা , বোকাখাত,২ অক্টোবৰ  : কহঁৰা আৰক্ষী চকীৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আজি এখন গৰাকী বিহীন মটৰ বাইক উদ্ধাৰ হয় । উল্লেখ্য আজি মধ্য কাজিৰঙা গাঁও পঞ্চায়ত এলেকাৰ গেলেকী জিৰণি চৰাৰ কাষত  গৰাকীবিহীন এখন মটৰ চাইকেলক লৈ  চাঞ্চল্যৰ সৃষ্টি হয় ৷ কাজিৰঙা- কাৰ্বি আংলঙত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন   আৰু আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে কাজিৰঙাৰ গেলেকীৰ এটা জিৰণি ঘৰৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা এ এছ ২৩ কে ২২৬৭ নম্বৰৰ মটৰ চাইকেলখনৰ বাবে স্থানীয় লোকৰ লগতে বন আৰু আৰক্ষী বিভাগৰ উৎকণ্ঠাৰ সৃষ্টি কৰে ৷ ইফালে আৰক্ষীয়ে  মটৰ চাইকেলখন উদ্ধাৰ হোৱা ঠাইৰ পৰা চাৰিওদিশে প্ৰায় পাঁচশ মিটাৰ পৰ্যন্ত স্নিফাৰ ডগেৰে অভিযান চলোৱাৰ পিছতো গৰাকীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটো ৷ জানিব পৰা মতে, পুৱাৰ ধাৰাসাৰ বৰষুণৰ ফলত স্নিফাৰ ডগে অনুসন্ধান কৰাৰ সমল বিচাৰি নাপালে ৷ অৱশেষত মটৰ চাইকেলখন কঁহৰা আৰক্ষীয়ে জব্দ কৰি এটা গোছৰ পঞ্জীয়ণ কৰিছে বুলি জানিব পৰা গৈছে ৷