Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এছ আই কেলেংকাৰীত গ্ৰেপ্তাৰ বিজেপি নেতাঃ জামুগুৰিত আৰক্ষীৰ জালত বেজেৰা মণ্ডলৰ উপ-সভাপতি জিণ্টু নাথ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ ঃ এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত এজনৰ পিছত এজনৰ বিজেপি নেতাৰ নাম সাঙোৰ খাবলৈ আৰম্...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ ঃ এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত এজনৰ পিছত এজনৰ বিজেপি নেতাৰ নাম সাঙোৰ খাবলৈ আৰম্ভ কৰিছে। বিজেপিৰ যুৱনেতা দিবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ আৰক্ষীৰ জালত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ বেজেৰা মণ্ডলৰ উপ-সভাপতি জিণ্টু নাথ। জিণ্টু নাথ এছ আই নিযুক্তি কেলেংকাৰীৰ সৈতে যুক্ত থকাৰ অভিযোগ উত্থাপিত হৈ আছিল যদিও মন্ত্ৰী ভৱেশ কলিতাৰ আত্মীয় হোৱাৰ বাবেই তদন্তৰ আওতাৰ পৰা বাহিৰত থকাৰ অভিযোগ উত্থাপিত হৈছিল। কিন্তু আজি পুৱতি নিশা জামুগুৰিৰ বামুণীপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত জড়িত জিণ্টু নাথক। উল্লেখ্য যে যোৱা ৬ অক্টোবৰত চিআইডিৰ ২১য২০২০নম্বৰ গোচৰত চাংসাৰিৰ মৃণাল কুমাৰ নাথ আৰু কাকুমণি নাথক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। দুয়োজন এছ আই পৰীক্ষাৰ প্ৰাৰ্থী আছিল।

 দুয়োজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে জিণ্টু নাথৰ নাম পোহৰলৈ আহিছিল। তেনেস্থলত জিণ্টু নাথক গ্ৰেপ্তাৰ কৰাৰ পিছতেই জালুকবাৰী সমষ্টিৰ বহুতো প্ৰাৰ্থীৰ নাম পোহৰলৈ অহাটো নিশ্চিত হৈ পৰিছে। জিণ্টু নাথে মধ্যভোগীৰ ভূমিকা গ্ৰহণ কৰি প্ৰাৰ্থীৰ সৈতে যোগাযোগ স্থাপন কৰি ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইপিনে চিআইডিয়ে সৰোজ শৰ্মাক লগত লৈ কৃষ্ণা গ্ল’বেল প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ত অভিযান চলায়। এছ আই কেলেংকাৰীত জড়িত থকাৰ তথ্য ফাদিল হোৱাৰ পিছতে সৰোজ শৰ্মাই আত্মগোপন কৰিছিল আৰু তেওঁৰ মালিকানাধীন কৃষ্ণা গ্ল’বেল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটো বন্ধ আছিল। আৰক্ষীয়ে ইতিমধ্যে কাৰ্যালয়টো ছীল কৰিছিল। দুদিন পূৰ্বে সৰোজ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি চিআইডিয়ে শৰ্মাক লগত লৈ জু-ৰোড তিনিআলিস্থিত প্ৰতিষ্ঠানটোৰ কাৰ্যালয়টোত অভিযান চলায়। অভিযানকালত কাৰ্যালয়টোৰ পৰা কম্পিউটাৰৰ হাৰ্ডডিক্স, পেনড্ৰাইভ, প্ৰিণ্টিং প্ৰেছ চিযাঁহি আৰু নগদ ৪.২ লাখ টকা জব্দ কৰে। ইয়াৰ পিছতে চিআইডিয়ে সৰোজ শৰ্মাক সুন্দৰপুৰত থকা এটা বাসগৃহত অভিযান চলাই বাসগৃহটোৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে এএছ-০১ইজি-০৬৮৫ নম্বৰৰ ইগ্‌নিজ গাড়ী এখন জব্দ কৰে।

 ইপিনে এছ আই নিযুক্তি কেলেংকাৰীত জড়িতৰ অভিযোগ উত্থাপিত অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী আখিয়া চান্দ বৈদ্যৰ বাসগৃহতো তালাচী চলায়। উল্লেখ্য যে ইতিমধ্যে চিআইডিয়ে ধাৰাপুৰস্থিত অক্ষয় টেলিকমিউনিকেচনত অভিযান চলাই ২০টা কম্পিউটাৰৰ হাৰ্ডডিক্স জব্দ কৰিছিল। তেনেস্থলত কালি বঙাইগাঁৱত প্ৰদীপ মজুমদাৰৰ বাসগৃহত ১৫,৪৫,৫০০ আৰু অভয়াপুৰীত তৰণী বণিক্যৰ বাসগৃহৰ পৰা ৩,৩৩,৩৬,৪০০ টকা জব্দ কৰাৰ পিছতে বঙাইগাঁৱত থকা চান্দৰ বাসগৃহত অভিযান চলায়। মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ একান্ত ঘনিষ্ঠ বুলি পৰিচিত চান্দৰ ঘৰত অভিযান চলায় যদিও আখিয়া চান্দক কৰায়ত্ত কৰাত ব্যৰ্থ হয় আৰক্ষী। উল্লেখ্য যে তদন্ত অগ্ৰসৰ হোৱাৰ পিছতে এজনৰ পিছত এজনকৈ বিজেপি তথা শাসকীয় পক্ষৰ নেতাৰ নাম পোহৰলৈ অহাৰ পিছতে দীৰ্ঘদিনে নিযুক্তি কেলেংকাৰীৰ শাসকীয় পক্ষৰ একাংশ নেতাৰ পূৰ্ণ হাত থকাটো প্ৰমাণিত হ’বলৈ আৰম্ভ কৰিছে। লক্ষ্যণীয় যে এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ পূৰ্বেও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনসংযোগ, এপিডিচিএল আৰু জলসিঞ্চন বিভাগৰ নিযুুক্তি পৰীক্ষাত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

No comments