Page Nav

HIDE

বোকাজানত ৩৩ টা চোৰাং গৰুসহ দুখন ট্ৰাক জব্দ

গণ বাৰ্তা বোকাজান, ১৪ অক্টোবৰ ঃ ৰাজ্যজুৰি গৰুৰ চোৰাং সৰবৰাহ ছিণ্ডিকেটৰ প্ৰসংগই সংবাদ মাধ্যমত সঘনে চৰ্চা লাভ কৰাৰ সময়তে অসম-নাগালেণ্ড সীমান্ত...

গণ বাৰ্তা বোকাজান, ১৪ অক্টোবৰ ঃ ৰাজ্যজুৰি গৰুৰ চোৰাং সৰবৰাহ ছিণ্ডিকেটৰ প্ৰসংগই সংবাদ মাধ্যমত সঘনে চৰ্চা লাভ কৰাৰ সময়তে অসম-নাগালেণ্ড সীমান্তৱৰ্তী কাৰ্বি আংলঙত চোৰাং গৰুৰ এক বৃহৎ ছিণ্ডিকেট সক্ৰিয় হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে মঙ্গলবাৰে নিশা ‘হিন্দু জাগৰণ মঞ্চ’ শীৰ্ষক সংগঠনটোৰ কৰ্মীসকলে বোকাজান নগৰৰ সমীপৰ কাৰ্বি আংলং-গোলাঘাট জিলাৰ সীমান্তত ৩৩টা চোৰাং গৰুসহ দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। গৰু সৰবৰাহৰ কোনো বৈধ নথি-পত্ৰ অবিহনে সৰবৰাহ কৰা পশুধনসমূহ অত্যন্ত অমানৱীয়ভাৱে পাণ জপা দি জাপি অনা হৈছিল বুলি জানিব পৰা গৈছে। দুখন সৰু ট্ৰাকত ৩৩টাকৈ গৰু হেঁচা-ঠেলাকৈ অনাৰ ফলত ইয়াৰে চাৰিটা পশুধনৰ ইতিমধ্যে মৃত্যু হয়।

 আৰক্ষীয়ে এই সন্দৰ্ভত ট্ৰাক দুখনৰ কৰ্মচাৰী, শ্ৰমিককে ধৰি মুঠ পাঁচজন লোকক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে শেহতীয়াকৈ অসম-নাগালেণ্ড সীমান্ত এলেকাত গৰুৰ অবৈধ সৰবৰাহৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ লগতে এক অসাধু চক্ৰই আৰক্ষীৰ চকুত ধূলি দি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ নিতৌ শ শ পশুধন চালান দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চুবুৰীয়া ৰাজ্যখনলৈ গৰুৰ অবৈধ সৰবৰাহক কেন্দ্ৰ কৰি সীমান্ত এলেকাত এক ছিণ্ডিকেট-চক্ৰও সক্ৰিয় হৈ পৰা বুলি জানিব পৰা গৈছে। সীমান্ত এলেকা লাহৰিজানৰ পৰা জনৈক হান্নান নামৰ কোনো ব্যৱসায়ীয়ে এই ছিণ্ডিকেট নিয়ন্ত্ৰণ কৰে বুলি হিন্দু জাগৰণ মঞ্চই অভিযোগ কৰিছে। সম্প্ৰতি উদ্ধাৰ হোৱা পশুধনসমূহক বোকাজান থানা চৌহদত ৰাখি পশুখাদ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।