Page Nav

HIDE

ছটা ভাষাত এশ এটা গীতৰ সংকলন উম্মোচন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৯ অক্টোবৰ :  আজি যোৰহাট প্ৰেছ ক্নাৱৰ  সভাগৃহত বাদ্যযন্ত্ৰী  তথা সংগীত শিল্পী এ আৰ  বিতুল বৰুৱাৰ  ছটা ভাষাৰ  এশ এটা গ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৯ অক্টোবৰ :  আজি যোৰহাট প্ৰেছ ক্নাৱৰ  সভাগৃহত বাদ্যযন্ত্ৰী  তথা সংগীত শিল্পী এ আৰ  বিতুল বৰুৱাৰ  ছটা ভাষাৰ  এশ এটা গীতৰ সংকলন   উম্মোচন কৰে  বিশিষ্ট ব্যক্তি  , সংগীত  শিক্ষক  প্ৰদীপ বৰদলৈয়ে  ।  যোৰহাটৰ বহু কেইজন  সাংবাদিকৰ উপস্থিতিত আধুনিক মাধ্যমেৰে  ষ্টাৰমেকাৰৰ জৰিয়তে  অসমীয়া , হিন্দী ,বেঙ্গলী , টেলেগু  , তামিল আৰু ইংৰাজী ভাষাত  এশ এটা  গীত  তেওঁৰ  কণ্ঠৰে বানীবন্ধন কৰি   ৰাইজলৈ মুকলি কৰে  । উল্লেখযোগ্য যে  ত্ৰশটাৰো অধিক বাদ্যযন্ত্ৰ  একেলগে  হাত আৰু ভৰিৰ দ্বাৰা  সুৰ সমলয়  সৃষ্টি কৰা  যুৱ শিল্পীজনে লগ ডাউনৰ সময়ত  এই গীতৰ সংকলন সমাপ্তি  কৰে ।  বৰ্তমান  সামাজিক মাধ্যমৰ যোগেদি  বহু সংগীত অনুৰাগীক আকর্ষণ কৰিবলৈ সক্ষম  হোৱা যুৱশিল্পীজনৰ  অনুষ্ঠানৰ আঁত ধৰে সমাজকৰ্মী জগন্নাথ অগ্নি  বৰাই ।   যোৰহাটৰ বিশিষ্ট সমাজসেৱী  ডলী বৰাই  শিল্পীজনৰ এই প্ৰচেষ্টা অতি আদৰণীয় আৰু সময়োপযোগী  বুলি  উল্লেখ  কৰে  । অৰ্ণবী ভূঞাই  ঘোষিকাৰ দায়িত্ব পালন কৰা  অনুষ্ঠানত উপস্থিত থাকে  উদ্যোগী তথা সমাজকৰ্মী  অসীম কুমাৰ ভূঞা  ,  দেৱজিৎ বৰুৱা , মৃদুল গোস্বামী  ,ৰূপকৰঞ্জন  দত্ত  । শ্ৰৱ্য আৰু  দৃশ্যগত ভাবে ৰাইজৰ আগত প্রদর্শন কৰা  অনুষ্ঠানৰ   উদ্দেশ্যে ব্যাখ্যা আৰু শলাগ  জ্ঞাপন কৰে  শিল্পী  এ আৰ বিতুল বৰুৱাই  ।