নতুন দিল্লী, ১২ অক্টোবৰ ঃ জনতাৰ সেৱাৰ হকে কাম কৰি যোৱা বিজয়াৰাজে সিন্ধিয়াৰ ১০০তম জন্মজয়ন্তী উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ...
নতুন দিল্লী, ১২ অক্টোবৰ ঃ জনতাৰ সেৱাৰ হকে কাম কৰি যোৱা বিজয়াৰাজে সিন্ধিয়াৰ ১০০তম জন্মজয়ন্তী উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক সন্মান জনোৱাৰ উদ্দেশ্যেৰে ১০০ টকাৰ মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। চাৰিটা ধাতুৰে তৈয়াৰী এই মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- বিজয়াৰাজে সিন্ধিয়া জীৱনজুৰি জনতাৰ সেৱাৰ হকে কাম কৰি যায়। দৰিদ্ৰ লোকৰ হকে কাম কৰা বিজয়াৰাজে সিন্ধিয়াৰ শত জন্মবাৰ্ষিকী উপলক্ষে তেওঁক সন্মান জনোৱাৰ উদ্দেশ্যৰে এই ১০০ টকাৰ মুদ্ৰা মুকলি কৰা হৈছে। উল্লেখ্য যে ১৯১৯ চনৰ ১২ অক্টোবৰত জন্ম গ্ৰহণ কৰা বিজয়াৰাজে সিন্ধিয়া স্বাধীনতা আন্দোলনতো জঁপিয়াই পৰিছিল। তেওঁ বিজেপি দলৰ জন্মদাতা ৰূপেও পৰিচিত। ১৯৮০ চনত ৰাইবেৰেলী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
No comments