Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মানসিক বিকাৰগ্ৰস্তৰ তাণ্ডৱ: জ্বলাই দিলে নিজ গৃহ

যোৰহাট, ৯ অক্টোবৰ : এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ তাণ্ডৱত যোৰহাটৰ এটা বিশেষ অঞ্চলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।  প্ৰাপ্ত অভিযোগ মতে, উত্...



যোৰহাট, ৯ অক্টোবৰ : এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ তাণ্ডৱত যোৰহাটৰ এটা বিশেষ অঞ্চলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।  প্ৰাপ্ত অভিযোগ মতে, উত্তৰ পশ্চিম যোৰহাটৰ চেঙেলীআটি ভগনিয়াচুকৰ শ্ৰীমন্ত গন্ধিয়া (২৬) নামৰ এজন বিবাহিত যুৱক কিছু দিনৰ পৰা মানসিক ৰোগৰ চিকাৰ হৈছে। শিৱসাগৰ আমগুৰিত সন্তান-পত্নীৰ সৈতে শহুৰৰ ঘৰত থকা শ্ৰীমন্ত গন্ধিয়াই অস্বাভাৱিক আচৰণ কৰাত শহুৰৰ পৰিয়ালে শ্রীমন্তৰ ককায়েকৰ সৈতে যোগাযোগ কৰি ভগনিয়াচুকৰ ঘৰলৈ পঠিয়াই দিয়ে। এমাহ পূৰ্বে নিজ ঘৰলৈ আহি মাতৃৰ সৈতে থাকিবলৈ লয়। দৈনিক ঘৰ দুৱাৰ ভাঙি অত্যাচাৰ কৰাৰ পাছত শেহতীয়াকৈ কাষৰীয়া লোকৰ ঘৰটো উপদ্ৰপ চলায়। দোকান , ঘৰ জ্বলাই দিয়াৰো অপচেষ্টাত লিপ্ত হৈছে শ্রীমন্ত। শংকিত হৈ গাঁওবাসীয়ে পুলিবৰ আৰক্ষীক অৱগত কৰে। ৫ অক্টোবৰত আৰক্ষীৰ পৰামৰ্শ মতে গাঁওৰক্ষী বাহিনীৰ সহযোগত এখন এপেট যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ চেষ্টা কৰিছিল। কিন্তু আধা বাটতে এপেৰ ভিতৰতে শ্ৰীমন্তই এজন লোকক প্ৰহাৰ কৰি আহত কৰাত ঘূৰাই আনিব লগা হয়। পুনৰ আৰক্ষীৰ লগত যোগাযোগ কৰি ৬ অক্টোবৰত প্ৰশাসনে যোগান ধৰা গাড়ীত মাতৃৰ সৈতে স্থানীয় তিনি যুৱকে সন্ধিয়া প্ৰায় ৬.০০ বজাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। বিচনাত ৰচীৰে বান্ধি চিকিৎসা আৰম্ভ কৰাত মাতৃক সাৰথি কৰি যুৱক তিনিজন ঘূৰি আহে। কিন্তু পৰিতাপৰ কথা যে, ২০ কি. মি. খোজকাঢ়ি গৈ পুৱা প্ৰায় ৯.০০ বজাত পুনৰ ঘৰ পাই উপদ্ৰপ আৰম্ভ কৰে শ্ৰীমন্তই। ইফালে আজি বিয়লি শ্ৰীমন্তই নিজ গৃহত অগ্নি সংযোগ কৰে। নিমিষতে চাই হৈ যায় বাসগৃহ।  তেতিয়াৰ পৰা বৃদ্ধ মাতৃৰো খবৰ নাই। অধিক শংকিত হৈ পৰা গাঁওবাসীয়ে এতিয়া ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হৈছে। কিন্তু প্ৰশ্ন হয়, বিচনাত ৰচীৰে বান্ধি থোৱা ৰোগী জন কেনেকৈ নিশাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা পলায়ন কৰিলে। নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত থকা আৰক্ষীয়ে কিয় ৰোগী জনক আটক কৰিব নোৱাৰিলে তাক লৈ বৃহৎ প্ৰশ্নৰ উদ্ৰেক হৈছে। স্থানীয় ৰাইজে শীঘ্ৰে মানসিক ৰোগত ভোগা শ্রীমন্তক মানসিক চিকিৎসালয়ত ভৰ্তি কৰাৰ দাবী জনাইছে। অন্যথা অধিক বিপদৰ আশংকা কৰিছে শংকিত গাঁওবাসীয়ে।

No comments