Page Nav

HIDE

ৰাজ্যত অব্যাহত চুপাৰী ছিণ্ডিকেটঃ নমাইলত জব্দ তিনি ট্ৰাক বাৰ্মিজ চুপাৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ অক্টোবৰ ঃ ৰাজ্যত অতি গোপনে চুপাৰি ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপিত হৈ থাকে যদিও প্ৰতিবাৰেই ৰাজ্য চৰকাৰে এই অভ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ অক্টোবৰ ঃ ৰাজ্যত অতি গোপনে চুপাৰি ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপিত হৈ থাকে যদিও প্ৰতিবাৰেই ৰাজ্য চৰকাৰে এই অভিযোগ খণ্ডন কৰি আহিছে। কিন্তু আজি শুল্ক বিভাগৰ অভিযানত পুনৰ পোহৰলৈ আহিছে ৰাজ্যৰ মাজেৰে চুপাৰি সৰবৰাহ হোৱাৰ ভয়ংকৰ তথ্য। আজি পুৱতি নিশা শুল্ক বিভাগে গুৱাহাটীৰ নমাইলৰ পৰা জব্দ কৰে তিনিখনকৈ চুপাৰিভৰ্তি ট্ৰাক। শুল্ক বিভাগৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি তিনিখন ট্ৰাকত চুপাৰি ভৰ্তি কৰি পশ্চিমবংগ আৰু বিজনী অভিমুখে নি থকা অৱস্থাতে নমাইলত জব্দ কৰা হয়। এক গোপন তথ্যৰ ভিত্তিত শুল্ক বিভাগে ট্ৰাককেইখন জব্দ কৰে। 

ইয়াৰ পিছতে চুপাৰি সন্দৰ্ভত তেওঁলোকক নথি-পত্ৰ দেখুৱাবলৈ কোৱাত উপযুক্ত নথি-পত্ৰ দেখুৱাব নোৱাৰাত তিনিজন লোকক শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰে। শুল্ক বিভাগৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি ট্ৰাক তিনিখনত থকা চুপাৰিখিনি অসমৰ চুপাৰি নহয় আৰু এই চুপাৰিখিনি চোৰাংভাৱে বাৰ্মাৰ পৰা অনা হৈছিল। ইয়াৰ পিছত কৰিমগঞ্জৰ কালাইত চুপাৰিখিনি ট্ৰাকত ভৰ্তি কৰি সৰবৰাহৰ চেষ্টা চলাইছিল যদিও শুল্ক বিভাগৰ অভিযানত ধৰা পৰে। এই চুপাৰিখিনিৰ মুঠ ওজন ৬৮ টন, যাৰ আন্তৰ্জাতিক বজাৰমূল্য ২.৫৫ কোটি টকা।