Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বেদখলীকৃত ভূমিত প্ৰশাসনৰ জেচিবিৰ হাতোৰাঃ বৰছলা সমষ্টিৰ ধিৰাই মাজুলি আৰু ভৰা শিঙৰীত প্ৰশাসনৰ উচ্ছেদ

গণ বাৰ্তা, চিৰাজুলি, ২১ অক্টোবৰ ঃ বৰছলা সমষ্টিৰ ধিৰাই মাজুলী আৰু ভৰা শিঙৰী গাঁৱত চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ আজি শোণিতপুৰ জিলা প্ৰশাসনে উে...

গণ বাৰ্তা, চিৰাজুলি, ২১ অক্টোবৰ ঃ বৰছলা সমষ্টিৰ ধিৰাই মাজুলী আৰু ভৰা শিঙৰী গাঁৱত চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ আজি শোণিতপুৰ জিলা প্ৰশাসনে উেচ্ছদ অভিযান চলায় । ধিৰাই মাজুলী গাঁও আৰু ভৰা শিঙৰী গাঁৱত বেলশিৰি নৈৰ কাষত চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা বুলি অভিযোগ উঠা বহুকেইটা  পৰিয়ালৰ ঘৰ-বাৰী আজি প্ৰশাসনে উেচ্ছদ কৰে ।  ছয়খন জেচিবিৰ সহায়ত প্ৰশাসনৰ লোকে উেচ্ছদ অভিযান চলায় আৰু ৬০টা পৰিয়ালৰ ঘৰ-বাৰী উেচ্ছদ কৰি চৰকাৰী ভূমি বেদখলমুক্ত কৰে । এই উেচ্ছদ অভিযান সফল কৰিবলৈ জিলা প্ৰশাসনে বৃহৎসংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰে। জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগতে স্থানীয় ৰাজহ চক্ৰ বিষয়াই এই উেচ্ছদ অভিযানত নেতৃত্ব দিয়ে। এই উেচ্ছদ অভিযান সন্দৰ্ভত ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া কমলজোতি বৰাই কয়, চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোকক প্ৰশাসনে উেচ্ছদ কৰিছে । 

ম্যাদী মাটিত বসবাস কৰা লোকসকলক উেচ্ছদ কৰা নহয় বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে । জনা মতে ধিৰাই মাজুলী গাঁৱৰ পূব দিশে বেলশিৰি নৈৰ কাষত আৰু ভৰা শিঙৰী গাঁৱত চুটি পাহাৰৰ আশা-পাশে একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোক  অবৈধভাৱে বসবাস কৰি অহা বুলি সঘনে অভিযোগ উঠা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে জাননী দিয়াৰ পিছতো এই লোকসকল আঁতৰি নোযোৱাত অৱশেষত আজি শোণিতপুৰ জিলা প্ৰশাসনে উেচ্ছদ অভিযান চলায় । আজি ইয়াত ৬৪টা পৰিয়ালৰ ঘৰ-বাৰী উেচ্ছদ কৰা হয় । এই উেচ্ছদ অভিযান আৰম্ভ কৰাৰ সময়ত বেদখলকৃত ভূমিত বসবাস কৰা লোকসকলে নিজ নিজ গৃহ ত্যাগ কৰি পৰিয়ালৰ সদস্যসকলক লৈ আঁতৰি যায় । উল্লেখ্য যে ভৰা শিঙৰী গাঁৱত যোৱা ৫ আগষ্টত হৰ-গৌৰী দেৱালয় দৰ্শন কৰিবলৈ যোৱা হিন্দুত্ববাদী সংগঠনৰ একাংশ সদস্যৰ সৈতে একাংশ ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ লগতে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল।

 ফলত দুৰ্বৃত্তই বহুকেইখন বাহন ভস্মীভূত কৰিছিল । সেই সময়ত জিলা প্ৰশাসনে সান্ধ্য আইন জাৰি কৰাৰ লগতে সেনা আৰু চি আৰ পি এফৰ জোৱানসকলে ফ্লেগমাৰ্চ কৰিছিল। ইপিনে সেই সময়তে ইয়াত চৰকাৰ-প্ৰশাসনৰ শীৰ্ষ বিষয়া জি পি সিঙৰ লগতে শাসকীয় আৰু বিৰোধী দলৰ বহুকেইগৰাকী নেতা-বিধায়ক ভৰা শিঙৰী উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰিছিল । আনপিনে ইয়াত চৰকাৰী ভূমি বেদখল কৰি বসবাস কৰা পৰিয়ালসমূহক উেচ্ছদ কৰি চৰকাৰী ভূমি বেদখলমুক্ত কৰিব লাগে বুলি একাংশ দল-সংগঠনে দাবী জনাইছিল । অৱশেষত চৰকাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিলে। মন কৰিবলগীয়া যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে । বৰছলাৰ এই বৃহৎ অঞ্চলটোৰ চৰকাৰী ভূমি বেদখল কৰি থকা বুলি উত্থাপিত অভিযোগ অনুসৰি বেদখলীকৃত ভূমিত আজি প্ৰশাসনৰ হাতোৰা পৰিল। শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়া, জিলা দণ্ডাধীশ ৰোহণ ঝা, অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতো, ঢেকীয়াজুলি আৰু ঠেলামৰাৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত চলা এই উচ্ছেদ অভিযানত বৃহৎ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপৰি অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰা হয়।

 চাৰিখনকৈ জেচিবি, ট্ৰেক্টৰ  লৈ প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান । এই উচ্ছেদ অভিযানৰ সময়ত চাৰিওফালে কান্দোনৰ ৰোল উঠে। চৰকাৰ প্ৰশাসনৰ এই পদক্ষেপক আদৰণি জনাইছে বিভিন্ন মহলে। তাৎপৰ্যপূৰ্ণ কথা যে এই অভিযানত ৰাজ্য চৰকাৰৰ পি এম এ ৱাই আঁচনিৰ অন্তৰ্গত চৰকাৰী বাসগৃহও ভাঙি পেলোৱা হ’ল বুলি চৰ্চা চলিছে। যদি সেয়াই হয়, তেন্তে বেদখলকাৰীয়েও বৰছলা সমষ্টিত লাভ কৰিছিল চৰকাৰী আঁচনিৰ বাসগৃহ আৰু যি আজি বেদখলকাৰীৰ গৃহ বুলি প্ৰমাণিত হ’ল ।

 প্ৰশ্ন হয় - বেদখলকাৰীয়ে চৰকাৰী গৃহ পাইছিল কেনেকৈ · সিফালে ৫ আগষ্টৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনটোতে গৰুডুবাৰ ভৰাশিঙৰী অঞ্চলত সংঘটিত সাম্প্ৰদায়িক সংঘাতৰ পিছতে বৰছলা আৰু ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক ক্ৰমে গণেশ কুমাৰ লিম্বু আৰু অশোক সিংহলে পৰিস্থিতি পৰিদৰ্শন কৰি ভৰাশিঙৰী অঞ্চলত যথেষ্টসংখ্যক অবৈধ বেদখলকাৰী থকাৰ কথা জিলা প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৱগত কৰিছিল। সেইমৰ্মে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এডিজিপি জি পি সিঙক পৰিস্থিতি পৰিদৰ্শনৰ বাবে প্ৰেৰণ কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিততে আজি ভৰাশিঙৰী অঞ্চলত শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱা বুলি ক’ব পাৰি।

No comments