Page Nav

HIDE

যোৰহাটৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰাক লৈ সৰৱ আছু

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৭ অক্টোবৰ :  এজাক বৰষুণ আহিলেই  যোৰহাট মহানগৰখন কৃত্ৰিম বানপানীৰে উপচি পৰি জলমগ্ন হোৱাক লৈ সৰৱ হৈ পৰিছে যোৰহাট আঞ্চল...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৭ অক্টোবৰ :  এজাক বৰষুণ আহিলেই  যোৰহাট মহানগৰখন কৃত্ৰিম বানপানীৰে উপচি পৰি জলমগ্ন হোৱাক লৈ সৰৱ হৈ পৰিছে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা । মঙ্গলবাৰে দিনৰ ভাগত হোৱা এজাক বৃষ্টিপাতৰ ফলত যোৰহাট নগৰৰ মূল এ.টি. ৰ'ড , বঙালপুখুৰী , জিলা উপায়ুক্তৰ কাৰ্যালয় , আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ যোৱা পথ , চলিছিটৰ পথ , তৰাজান  , কাকতিগাঁও , বামুণ গাঁও  আদি কৰি প্ৰায়সমূহ পথেই আজি কৃত্ৰিম বানপানীৰ কবলত পৰিবলগীয়া হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয় , এচাম অনভিজ্ঞ , অকৰ্মণ্য , অদক্ষ আৰু দুৰ্নীতিগ্ৰস্ত প্ৰশাসক , বিষয়া , কৰ্মচাৰীৰ দূৰদৃষ্টিহীনতা আৰু সদিচ্ছাৰ অভাৱৰ বাবেই  যোৰহাট নগৰবাসী ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে । অভিজ্ঞ অভিযন্তাই প্ৰস্তুত কৰা যোৰহাটৰ ড্ৰেইনেজ মাষ্টাৰ প্লেনৰ কাৰিকৰী প্ৰতিবেদনক কাৰ্যকৰীকৰণ নকৰি আসোঁৱাহপূৰ্ণ ভাৱে যোৰহাট নগৰৰ ড্ৰেইনেজ ব্যৱস্থাটো নিৰ্মাণ কৰাৰ ফলত এতিয়া যোৰহাট নগৰখন  কৃত্ৰিম বানপানীৰ কবলত পৰিছে । বিগত এটা যুগ ধৰি ছাত্ৰ সন্থাই বাৰম্বাৰ  যোৰহাটৰ আসোঁৱাহপূৰ্ণ ড্ৰেইনেজ ব্যৱস্থাটো পুনৰ নিৰীক্ষণ কৰি  আসোঁৱাহ তথা ক্ৰূটি সমূহ আঁতৰাই ৰাইজৰ স্বাৰ্থত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰিবলৈ কোৱা হৈছিল ৷ তাৰ লগতে ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি ভোগদৈ,টোকোলাই,তৰাজানৰ ওপৰত থকা অবৈধ বেদখল উচ্ছেদ কৰিবলৈ দাবী জনাই আহিছো, খৰালি হাত সাৱটি বহি থাকি বাৰিষা সাৰ পোৱা চৰকাৰ,পৌৰসভা , প্ৰশাসনে এই দুয়োটা কথাত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে । পূৰ্বৰ পৌৰসভা সমূহৰ বিয়াগোম কেলেংকাৰীক ফাদিল কৰিম বুলি পৰিৱৰ্তনৰ শ্ল'গানেৰে ২০১৫ চনত শাসনলৈ অহা যোৰহাট পৌৰসভাখনে বিগত ৫ টা বছৰে তিনিজনকৈ পৌৰপতি সলাই শতবৰ্ষ গৰকা যোৰহাট পৌৰসভাৰ ইতিহাসত কালিমা সানি যোৰহাটবাসী ৰাইজক লজ্জানত কৰিলে । ৰাজ্যসভাৰ সাংসদ তথা লোকসভাৰ তদানীন্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাই  বিজেপি নেতৃত্বাধীন পৌৰসভাখন শাসনলৈ আহোঁতে কৈছিল যে , পূৰ্বৰ পৌৰসভাৰ ভ্ৰষ্টাচাৰী প্ৰশাসক সকলক ক'লা জেলত ৰাখি  জেইলৰ ভাত খোৱাম , দুৰ্নীতিৰ তদন্ত কৰিম  । কিন্তু কামাখ্যা তাছাৰ যে প্ৰকৃততে সেই সৎ সাহস নাই সেইয়া কাৰ্যত প্ৰমাণিত হ'ল । জেলৰ ভাত খোৱাটো দূৰৰে কথা পূৰ্বৰ পৌৰসভাৰ কেলেংকাৰীৰ তদন্তৰ নামত কেৱল চকু মুদা কুলিৰ ভাও জুৰিলে । ইয়াৰোপৰি বিগত সময়ত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ত্বত বিয়াগোম নিৰ্বাচনী প্ৰচাৰেৰে প্ৰজেক্টৰত ভিডিঅ' পৰিদৰ্শন কৰি যোৰহাট সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীদেৱে কৈছিল , যোৰহাটৰ ড্ৰেইনেজ ব্যৱস্থাটো সম্পূৰ্ণ ক্ৰূটিমুক্ত কৰা হ'ব । বৰদলৈয়ে , বিধায়ক গৰাকীক প্ৰশ্ন কৰি কয় , হিতেন গোস্বামীৰ প্ৰকৃতাৰ্থত সৎ সাহস নাই , সদিচ্ছা নাই , আন্তৰিকতা নাই যাৰ ফলশ্ৰুতিত তেওঁ আজি পৰ্যন্ত এই ব্যৱস্থাটো ক্ৰুটিমুক্ত কৰিব নোৱাৰিলে । কেৱল নগৰখনত দুই-এটা নলাৰ নিৰ্মাণ কৰি ৰাইজৰ আগত জহাই ফুৰা বিধায়ক গৰাকীৰ প্ৰকৃতাৰ্থত যদি সৎ সাহস আছে এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰি যোৰহাট নগৰবাসী ৰাইজক সকাহ প্ৰদান কৰক । বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুনমণি ভূঞা আৰু সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাই কয় , যোৱা এদিন পূৰ্বে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে যোৰহাটৰ প্ৰায় ৩০০ কি:মি: পথ তেওঁলোকে পকীকৰণ কৰিলে । ছাত্ৰ সন্থাই আমি ক'ব বিচাৰিছোঁ যে , চৰকাৰে পথ পকীকৰণ কৰা আৰু সাধাৰণ মানুহে প্ৰাতঃকৰ্ম কৰা একেই কথা । পথ পকীকৰণক লৈ উন্নয়নৰ ফটাঢোল বজোৱাতকৈ প্ৰকৃতাৰ্থত ৰাইজৰ কৃত্ৰিম বানপানীৰ এই জ্বলন্ত সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ক । দ্বিতীয়তে , ন-আলিত লেহেমীয়া গতিৰে সদ্যনিৰ্মীয়মান অৱস্থাত থকা ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবীৰ ফচল উৰণীয়া সেতুখন বৰ্তমান বিজেপি দলৰ একাংশ মন্ত্ৰী , নেতা-পালিনেতাৰ চেল্ফী পইণ্টত পৰিণত হৈছে । বিগত পাঁচটাকৈ বছৰে যোৰহাটত বিজেপি দলে কোনোধৰণৰ উন্নয়ন সাধিব নোৱাৰি  এই উৰণীয়া সেতুৰ কাষতে চেল্ফি তুলি উৰণীয়া সেতুৰ কাম-কাজ পূৰ্ণোদ্যমে চলি আছে বুলি ফিতাহি মাৰিব বিচাৰে , এইয়া অত্যন্ত পুতৌজনক অৱস্থা ।  ছাত্ৰনেতাদ্বয়ে কয় , প্ৰচাৰ মাধ্যম তথা সামাজিক মাধ্যমত ৰাইজক আভুৱা ভাৰিবলৈ যধে-মধে আত্মপ্ৰশংসাৰে নিজকে উপচাই উন্নয়নৰ নমুনা দাঙি ধৰাতকৈ প্ৰকৃতাৰ্থত ৰাইজৰ সমস্যাৰ প্ৰতি মনোনিৱেশ কৰক । আপোনালোকৰ যদি সৎ সাহস আছে বিগত বিজেপি নেতৃত্বাধীন পৌৰসভাখনে যোৰহাটত সংঘটিত কৰা বিয়াগোম কেলেংকাৰীৰ তদন্ত কৰক । যধে-মধে ফ্লেট , অট্টালিকা নিৰ্মাণৰ অনুমতি দিয়া বিল্ডিং সমূহ চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰক । যদিহে চৰকাৰ তথা প্ৰশাসনে এই কৃত্ৰিম বানপানীৰ সমস্যাটোৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে অনাগত দিনত ছাত্ৰ সন্থাই ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ধাৰাবাহিকভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে জংগীৰূপত আন্দোলন চলাই নিব ।