Page Nav

HIDE

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কোটি টকীয়া কেলেংকাৰীত গ্ৰেপ্তাৰ লাহৰীঘাটত বিজেপি নেতা

  গণ বাৰ্তা, ভূৰাগাঁও, ১৩ অক্টোবৰ ঃ সমগ্ৰ ৰাজ্য জোকাৰি যোৱা সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীত জড়িত থকা মৰিগাঁৱৰ লাহৰীঘাটৰ এগৰাকী বিজেপি নেতা...

 


গণ বাৰ্তা, ভূৰাগাঁও, ১৩ অক্টোবৰ ঃ সমগ্ৰ ৰাজ্য জোকাৰি যোৱা সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীত জড়িত থকা মৰিগাঁৱৰ লাহৰীঘাটৰ এগৰাকী বিজেপি নেতা গ্ৰেপ্তাৰ। মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ নেতৃত্বত কালি চলোৱা এক অভিযানত লাহৰীঘাট থানাৰ অন্তৰ্গত তিনিচুকীয়া বজাৰৰ পৰা কোটিটকীয়া সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীত জড়িত মহম্মদ আলী জিন্না নামৰ বিজেপি নেতাজনৰ লগতে তাইজুল ইছলাম আৰু ৰুহুল আমিন নামৰ আন দুজন লোকক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

 উল্লেখ্য যে ধৃত জিন্না কুশতলী মণ্ডল বিজেপিৰ উপ-সভাপতি হোৱাৰ উপৰি তুলসীবৰি গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক পঞ্চায়ত সদস্যাৰ স্বামী বুলি জানিব পৰা গৈছে। আনহাতে পেছাত বেংক গ্ৰাহক কেন্দ্ৰৰ সেৱক মহম্মদ আলী জিন্নাই তিনিচুকীয়া বজাৰত স্থাপন কৰা এছ বি আই বেংকৰ চি এছ পিৰ মাধ্যমেৰে সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন হৰলুকীৰ দৰে দুষ্কাৰ্যত জড়িত বুলি অভিযোগ উঠিছে। এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ধৃত জিন্নাই  ভুৱা নথিপত্ৰৰে বহু লোকৰ নামত ভুৱা একাউণ্ট খুলি সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত আবন্টিত জলপানিৰ ধন আত্মসাৎ কৰি অহা বুলি বিভিন্ন মহলে অভিযোগ কৰি আহিছিল। 

অৱশেষত মৰিগাঁও জিলাত সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰী আৰু চাইবাৰ অপৰাধৰ গোচৰ তদন্ত কৰি মৰিগাঁও আৰক্ষীয়ে লাহৰীঘাটৰ তিনিচুকীয়াৰ পৰা বিজেপি নেতা মহম্মদ আলী জিন্নাক গ্ৰেপ্তাৰ কৰা লগতে  ধৃত জিন্নাৰ  চি এছ পিৰ পৰা কম্পিউটাৰসহ বহু নথিপত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে উক্ত বিষয়টোৰ সন্দৰ্ভত লাহৰীঘাট থানাত ৪০৭য২০ নম্বৰৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬য৪২০য৪৭১য৩৪ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে কোনো মুখ খোলা নাই। আৰক্ষীৰ তদন্তত সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীত আৰু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে।

[ কাৰিকৰী অসুবিধাৰ বাবে কিছু সময়ৰ কাৰণে ফেচবুকত শ্বেৰ কৰিব নোৱাৰিব  ]