Page Nav

HIDE

এছ আই কেলেংকাৰীৰ সৈতে জড়িত , সেয়া প্ৰমাণ কৰকঃ মন্ত্ৰী ফনীভূষণ চৌধুৰী

গণ বাৰ্তা, বঙাইগাঁও, ১৪ অক্টোবৰ ঃ মই যে এছ আই কেলেংকাৰীৰ সৈতে জড়িত সেয়া দল-সংগঠনসমূহে প্ৰমাণ কৰক। —এই মন্তব্য মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ। আজি ব...


গণ বাৰ্তা, বঙাইগাঁও, ১৪ অক্টোবৰ ঃ মই যে এছ আই কেলেংকাৰীৰ সৈতে জড়িত সেয়া দল-সংগঠনসমূহে প্ৰমাণ কৰক। —এই মন্তব্য মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ। আজি বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত উদ্‌যাপন কৰা অগপ দলৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থকা মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য কৰে। উল্লেখ্য যে ৰাজ্য কঁপাই যোৱা এছ আই কেলেংকাৰীৰ সৈতে এছ আই পৰীক্ষাৰ উপঠিকা লাভ কৰা বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী তথা বিতৰ্কিত ব্যৱসায়ী অক্ষয় চান্দ বৈদ সাঙোৰ খাই পৰাত শেহতীয়াভাৱে ব্যৱসায়ীগৰাকীৰ সৈতে বঙাইগাঁৱৰ স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘনিষ্ঠ সম্পৰ্ক থকা হেতুকে বিভিন্ন দল-সংগঠনে মন্ত্ৰীগৰাকীকো এই কেলেংকাৰীৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰিছে। একেদৰে মন্ত্ৰীগৰাকীকো তদন্তৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰি কেলেংকাৰীৰ চি বি আই তদন্তৰো দাবী জনাইছে। কিন্তু এছ আই কেলেংকাৰী সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাছিল মন্ত্ৰী চৌধুৰীয়ে। 

অৱশেষত সাংবাদিকৰ আগত মুখ খুলিলে তেওঁ। দলৰ প্ৰতিষ্ঠা দিৱসৰ দিনা সাংবাদিকে মন্ত্ৰীগৰাকীকো এছ আই কেলেংকাৰীৰ সৈতে বিভিন্ন দল-সংগঠনে সাঙোৰা বুলি প্ৰশ্ন কৰি এই সন্দৰ্ভত তেওঁৰ মন্তব্য জানিব বিচৰাত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে যিবিলাক দল-সংগঠনে মোক কেলেংকাৰীৰ সৈতে সাঙুৰিছে তেওঁলোকলৈ মই আহ্বান জনাইছো— প্ৰমাণ কৰক। তেওঁলোকে প্ৰমাণ কৰক যে আচলতে ফণীভূষণ চৌধুৰী এই এছ আই কেলেংকাৰীৰ সৈতে জড়িত আছে নে নাই। প্ৰমাণ কৰিলেহে হ’ব। কিন্তু কথা হ’ল— যিবিলাক দল-সংগঠনে মোৰ বিৰুদ্ধে এই অপযশ দিছে সেই দল-সংগঠনবিলাক আচলতে কোন · এতিয়া নিৰ্বাচনৰ বতৰ। নিৰ্বাচনৰ বতৰত নিশ্চিতভাৱে দল-সংগঠনসমূহে হকে-বিহকে এনে অভিযোগ উত্থাপন কৰে। গতিকে মই তেওঁলোকক আহ্বান জনাইছো— তেওঁলোকে প্ৰমাণ কৰক ।

 যদি প্ৰমাণ কৰে তেতিয়াহ’লে নিশ্চিতভাৱে আইন অনুযায়ী শাস্তি ভোগ কৰিব লাগিবই। কিন্তু মই জানো যে এই কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়েও কৈছে যে এই এছ আই কেলেংকাৰীত যিসকল জড়িত আছে বা যিয়েই জড়িত নহওক কিয় তেওঁলোক আইন মতে দণ্ডণীয় হ’ব আৰু ব্যৱস্থা গ্ৰহণ কৰা হ’ব। গতিকে তেওঁলোকে যদি প্ৰমাণ কৰিব পাৰে তেতিয়াহ’লে নিশ্চিতভাৱে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিব । কিন্তু এই নিৰ্বাচনৰ আগমুহূৰ্তত এনেদৰে হকে-বিহকে এনেধৰণৰ অপযশ দিয়াটো কিমান সমীচীন হৈছে সেইটো সময়ে ক’ব। কাৰণ বঙাইগাঁও সমষ্টিত মই ৩৫ বছৰ বিধায়ক হৈ আছো । অহা ন জানুৱাৰীত বিধায়ক হিচাপে মোৰ ৩৫ বছৰ সম্পূৰ্ণ হ’ব। 

৩৫ বছৰত মই বঙাইগাঁও চহৰৰ প্ৰতিগৰাকী ব্যৱসায়ী, প্ৰতিগৰাকী নাগৰিকক চিনি পাওঁ আৰু প্ৰতিগৰাকী নাগৰিকৰ লগত মোৰ সম্পৰ্ক ভাল। তাৰ কাৰণেই এনেদৰে মোক বাৰে বাৰে সমৰ্থন জনাই আহিছে। কেৱল অক্ষয় চান্দ বুলিয়ে নহয়, বৰং প্ৰতিগৰাকী ব্যক্তিয়ে তথা প্ৰতিগৰাকী ব্যৱসায়ীয়ে মোৰ লগত ভাল। যিকোনো ব্যৱসায়ীকে সোধক যে ফণীভূষণ চৌধুৰীৰ লগত আপোনাৰ সম্পৰ্ক কেনে। নিশ্চিতভাৱে প্ৰতিগৰাকী ব্যৱসায়ীয়ে ক’ব যে তেওঁৰ লগত সম্পৰ্ক ভাল। এই কথাটোৱে প্ৰমাণ নকৰে যে আজি কোনোবা এক্স, ৱাই, জেডে যদি কিবা এটা অঘটন ঘটায় আৰু মোৰ লগত ভাল হ’ল বুলিয়ে যে ময়ো তাৰ লগত জড়িত। সেইটো নুসূচায়। গতিকে যিসকলে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেওঁলোকে মই যে এই কেলেংকাৰীৰ সৈতে জড়িত প্ৰমাণ কৰক বুলিও কয়।