Page Nav

HIDE

ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ বাবে আন এক দুঃখবৰঃ নগাঁৱৰ“অদিতি” চিনেমা গৃহত হাতুৰীৰ কোব

  ৰিপ ’ ৰ্টাৰ , নগাঁও ঃ   কালৰ বুকুত বিলীন হোৱাৰ পথত নগাঁও চহৰৰ এক সাংস্কৃতিক ঐতিহ্য বহন কৰি অহা চিনেমাগৃহ ‘ অদিতি ’ । কাৰণ...

 

ৰিপৰ্টাৰ, নগাঁও ঃ কালৰ বুকুত বিলীন হোৱাৰ পথত নগাঁও চহৰৰ এক সাংস্কৃতিক ঐতিহ্য বহন কৰি অহা চিনেমাগৃহঅদিতি কাৰণ আজি এই চিনেমাগৃহটোত পৰিল হাতুৰীৰ কোব মধ্য অসমৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ বহু স্মৃতি জড়িত হৈ থকা এই চিনেমাগৃহটোৰ ওপৰত চলিল বুলডজাৰৰ নিৰ্মম আঘাত এই চিনেমাগৃহটোত হোৱা লোকচানৰ বাবেই অনিচ্ছা সত্ত্বেও চিনেমাগৃহটোৰ স্বত্বাধিকাৰীয়ে ইয়াক বন্ধ কৰি দিবলৈ বাধ্য হয় ইমানেই নহয়, এই ঐতিহ্যমণ্ডিত চিনেমাগৃহটো হোজাই জিলাৰ পাৰ্থ বৰা নামৰ এজন ব্যৱসায়ীক বিক্ৰী কৰা হয় ইয়াৰ পাছতেই বৰাৰ নিৰ্দেশত এই চিনেমাগৃহটো ভাঙি পেলোৱাৰ কাম আৰম্ভ কৰা হয় এতিয়া অদিতি চিনেমাগৃহৰ ওপৰত বুলডজাৰ চলোৱা, হাতুৰীৰ নিৰ্মম প্ৰহাৰৰ দৃশ্য প্ৰত্যক্ষ কৰি পথচাৰীয়ে হুমুনিয়াহ কঢ়া পৰিলক্ষিত হৈছে বিস্মৃতিৰ অতল গহ্বৰত বিলীন বলৈ ধৰিছে অবিভক্ত নগাঁও জিলাৰ অজস্ৰ ৰাইজৰ বহু স্মৃতি ষাঠিৰ দশকতে নগাঁও চহৰৰ মাজমজিয়াৰ ইটাচালিত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতেই অসমীয়া ব্যৱসায়ী নন্দেশ্বৰ বৰাই নিৰ্মাণ কৰাইছিল অতি আটকধুনীয়াঅদিতিচিনেমাগৃহ ১৯৭৯ চনত শ্ৰুতিমধুৰ সংগীতেৰে ভৰাপেহলীনামৰ হিন্দী ছবিখনেৰে চিনেমাগৃহটো মুকলি কৰা হৈছিল অতি আড়ম্বৰপূৰ্ণভাৱে আটকধুনীয়া চিত্ৰগৃহ, প্ৰকাণ্ড পৰ্দা, সুন্দৰ ছাউণ্ড ছিষ্টেম, সুন্দৰ আলোকস7, আৰামদায়ক আসনসমৃদ্ধ চিনেমাগৃহটোত চিনেমা চোৱাটো এসময়ত এক গৌৰৱৰ বিষয় আছিল আশীৰ দশকত মুক্তি লাভ কৰা ছুপাৰ হিট অসমীয়া ছবিআজলী নবৌনগাঁও চহৰৰ অদিতি চিনেমা হলত সগৌৰৱে আঠ সপ্তাহ চলিছিল এই চিনেমাখন চাবলৈ মধ্য অসমৰ বিভিন্ন জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ বাছ ভাৰা কৰি আহিছিল অসংখ্য হাউছফুল চিনেমাৰ মাজৰেককাদেউতা নাতি আৰু হাতী’, ‘এক দুজে কে লিয়েআৰুকুৰবানীপ্ৰদৰ্শনৰ সময়ত চিনেমা হলটোত হোৱা দৰ্শকৰ অভূতপূৰ্ব ভিৰৰ কথা এতিয়াও মনত ৰাখিছে নগঞা ৰাইজে স্মৰ্তব্য যে আশীৰ দশকত বিখ্যাত গজল গায়ক পঙ্কজ উধাচে এই হলটোতে এক অনুষ্ঠান পৰিৱেশন কৰি গৈছিল সেই অদিতি চিনেমা গৃহটোৱেই এতিয়া নিশ্চিহ্ন কৰিবলৈ আৰম্ভ কৰিছে আৰু কেইটামান দিনৰ পিছতে হলটোৰ অৱশেষ অংশখিনিও শেষ হৈ যাবগৈ 

স্মৰ্তব্য যে অদিতি চিনেমাগৃহ ভাঙি সেই স্থানৰ সন্মুখভাগত এটা শ্বপিং মল আৰু পিছৰ অংশত ফ্লেট নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে নতুন মালিকগৰাকীয়ে উল্লেখ্য যে চৰকাৰৰ চৰম অৱহেলাৰ বাবেই অসমীয়া চলচ্চিত্ৰ জগতৰ বাটকটীয়াস্বৰূপ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত নগাঁও চহৰৰ মাজমজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকাজয়শ্ৰীচিনেমা হলত বিগত বৰ্ষত পৰিছিল  হাতুৰীৰ কোৱ হাতুৰীৰ কোবত  চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল ঐতিহ্যমণ্ডিত চিনেমা গৃহটো আনহাতে চহৰখনৰ আন এটা চিনেমাগৃহএলফিনষ্টোনবিক্ৰী হোৱাত সেই স্থানত গঢ়ি তোলা হয় বিবাহ ভৱন সৌ সিদিনালৈকে অসম ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল নগাঁৱৰ সন্তান অভিনেতা যতীন বৰাই আনহাতে নিগমৰ উপাধ্যক্ষ নগাঁৱৰে বিজেপি নেতা অভিজিৎ নাথ তৎসত্ত্বেও ৰাজ্য চৰকাৰে ৰাজ্যৰ চিনেমাগৃহক পুনৰুজ্জীৱিতকৰণৰ বাবে ৫০ লাখ টকাকৈ সাহায্য আগবঢ়োৱা ধনৰ পৰা বঞ্চিত কৰা হয় নগাঁৱৰ চিত্ৰগৃহসমূহক