কলকাতা, ১৯ অক্টোবৰ ঃ শাৰদীয় দুৰ্গাপূজা বুলিলে পশ্চিমবংগৰ জাকত-জিলিকা পূজা মণ্ডপসমূহৰ কথা মনলৈ আহে। যি পূজা চাবলৈ সমগ্ৰ দেশৰ লগতে বিদেশী লোকে...
কলকাতা, ১৯ অক্টোবৰ ঃ শাৰদীয় দুৰ্গাপূজা বুলিলে পশ্চিমবংগৰ জাকত-জিলিকা পূজা মণ্ডপসমূহৰ কথা মনলৈ আহে। যি পূজা চাবলৈ সমগ্ৰ দেশৰ লগতে বিদেশী লোকেও পশ্চিমবংগত ভিৰ কৰে শাৰদীয় দুৰ্গা পূজাৰ সময়ছোৱাত। কিন্তু এইবাৰ পশ্চিমবংগৰ দুৰ্গা পূজা নিমাওমাও পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হ’ব। কোৰোনা মহামাৰীৰ বাবে পশ্চিমবংগৰ দুৰ্গাপূজাৰ মণ্ডপসমূহত কোনো ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব। ভক্তৰ বাবে পূজা মণ্ডপসমূহত প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব। আজি কলকাতা উচ্চ ন্যায়ালয়ে এই সম্পৰ্কে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি কয় যে পশ্চিমবংগৰ দুৰ্গাপূজাৰ মণ্ডপসমূহত ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব।
পশ্চিমবংগৰ সমগ্ৰ পূজা মণ্ডপসমূহ কেণ্টইনমেন্ট জ’নৰ ভিতৰত পৰিব। কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জী আৰু ন্যায়াধীশ অৰ্জিত বেনাৰ্জীৰ বিচাৰপীঠে কয় যে পশ্চিমবংগৰ পূজা মণ্ডপসমূহৰ ৫ মিটাৰ দূৰত্বলৈ আৰু ডাঙৰ পূজা মণ্ডপসমূহৰ ১০ মিটাৰ দূৰত্বলৈ ন’ এKট্ৰী জ’ন হিচাপে থাকিব। উল্লেখ্য যে পশ্চিমবংগত কমেও ৩৭ হাজাৰখন দুৰ্গা পূজাৰ আয়োজন কৰা হ’ব। কোৰোনা মহামাৰীৰ মাজতেই আয়োজন হ’বলগীয়া দুৰ্গাপূজাক লৈ ন্যায়ালয়ে আজি এই ৰায়দান কৰি কয় যে দুৰ্গাপূজা কমিটীসমূহে পূজা মণ্ডপৰ বাহিৰত ন’ এKট্ৰী ফলক আঁৰিব লাগিব। কিন্তু আয়োজক কমিটীৰ ১৫-২৫জন লোককে ধৰি পুৰোহিতসকলে মণ্ডপৰ ভিতৰত প্ৰৱেশ কৰি পূজা-অৰ্চনা কৰিব পাৰিব।
No comments