Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

১০টা কৃত্ৰিম উপগ্ৰহ উৎেŽপণ কৰিবলৈ সাজু ইছৰো

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ অক্টোবৰ ঃ পুনৰ ১০টা কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰাৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ বিজ্ঞান প্ৰতিষ্ঠান...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ অক্টোবৰ ঃ পুনৰ ১০টা কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰাৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ ইছৰোই। অহা ৭ নৱেম্বৰত মহাকাশলৈ ইছৰোই প্ৰেৰণ কৰিব পৃথিৱীক পৰ্যৱেক্ষণ কৰা কৃত্ৰিম উপগ্ৰহকেইটা। আজি সংস্থাটোৱে জানিবলৈ দিয়া অনুসৰি, ৭ নৱেম্বৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এটা পৃথিৱী পৰ্যৱেক্ষণ ছেটেলাইট আৰু ৯টা আন্তঃৰাষ্ট্ৰীয় কাষ্টমাৰ স্পেচক্ৰাফ্‌ট কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিব। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা লকডাউনৰ পাছত এয়া ইছৰোৰ প্ৰথমটো কাৰ্যসূচী হ’ব বুলি ইছৰোৰ বিভাগীয় টুইটাৰ হেণ্ডলত উল্লেখ কৰা হৈছে। ইছৰোৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহটোৱে কৃষি, বন আৰু দুৰ্যোগ প্ৰশমনৰ হকে কাম কৰিব। 

৭ নৱেম্বৰত শ্ৰীহৰিকোটাৰ পৰা আবেলি ৩.০২ বজাত কৃত্ৰিম উপগ্ৰহকেইটা উৎক্ষেপণ কৰা হ’ব যদিও এইক্ষেত্ৰত বতৰৰ ওপৰত উক্ষেপণ প্ৰক্ৰিয়া নিৰ্ভৰ কৰিব। আনহাতে, কাষ্টমাৰ কৃত্ৰিম উপগ্ৰহকেইটা নিউ স্পেচ লিমিটেড আৰু ডিপাৰ্টমেণ্ট অৱ স্পেচৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ আধাৰত উৎক্ষেপণ কৰা হ’ব বুলি ইছৰোই লগতে কয়। কোৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ইছৰোই লঞ্চ চেন্টাৰ আদিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে। উৎক্ষেপণৰ সময়ত দৰ্শকৰ লগতে সংবাদ মাধ্যমৰ লোকৰ বাবেও কোনোধৰণৰ ব্যৱস্থা ইছৰোৱে ৰখা নাই বুলি জানিবলৈ দিয়ে। ইছৰোৰ অধ্যক্ষ কে শিৱানে চলিত বৰ্ষত ইছৰোৰ তৰফৰ পৰা ১০টা অভিযানৰ পৰিকল্পনা কৰা হৈছিল যদিও কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইক্ষেত্ৰত বিলম্ব ঘটিছে বুলি মত প্ৰকাশ কৰে।

No comments