Page Nav

HIDE

ডিব্ৰুগড়ত পোনপটীয়া ৰেডিঅ' পঢ়াশালি আৰম্ভ

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৪ অক্টোবৰ :  ক'ভিড-১৯ মহামাৰীৰ মাজতে ৰেডিঅ'ৰ মাধ্যমেদি স্কুলীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষাদান ব্যৱস্থাক আগবঢ়...


গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৪ অক্টোবৰ :  ক'ভিড-১৯ মহামাৰীৰ মাজতে ৰেডিঅ'ৰ মাধ্যমেদি স্কুলীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষাদান ব্যৱস্থাক আগবঢ়াই নিয়াৰ লক্ষ্যৰে ডিব্ৰুগড় জিলাত ৰেডিঅ' পঢ়াশালি নামৰ এক অনন্য কাৰ্যসূচী বুধবাৰৰ পৰা আৰম্ভ  হৈছে৷

ডিব্ৰুগড় জিলা প্ৰশাসন, ইউনিচেফ, অসম আৰু শিক্ষা বিভাগৰ উদ্যোগত আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ ৯০.৪ এফ এমৰ সহযোগত আৰম্ভ হোৱা এই ৰেডিঅ' পঢ়াশালি কাৰ্যসূচীৰ ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত  নন্দিতা বৰুৱাই ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত শুভাৰম্ভ কৰে৷ 

উল্লেখ্য যে, এই ৰেডিঅ' পঢ়াশালি কাৰ্যসূচীৰ অধীনত চৰকাৰী বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী সকলে সোমবাৰৰ পৰা শনিবাৰলৈকে  পুৱা ১০ বজাত Live ৰেডিঅ' পাঠভিত্তিক অনুষ্ঠানৰ জৰিয়তে পঞ্চম মানৰ পৰা অষ্টম মানৰ ছাত্ৰ-ছাত্ৰীসকলক সমাজ বিজ্ঞান, পৰিবেশ বিজ্ঞান আৰু ইংৰাজীৰ বিষয়ৰ ওপৰত পাঠদান কৰিব৷ লগতে এই কাৰ্যসূচীত অংগণবাড়ী কেন্দ্ৰসমূহৰ অধীনত চলি থকা সাধু কোৱা আৰু পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষজ্ঞৰ দ্বাৰা পাঠদানৰো ব্যৱস্থা থাকিব৷  

[ ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা ]