Page Nav

HIDE

চলিত মাহতেই দাখিল হ’ব প্ৰতিবেদন : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেবিনেট উপ-সমিতিৰ বৈঠক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ অক্টোবৰ ঃ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ অক্টোবৰ ঃ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰেও শেহতীয়াকৈ একাধিক ৰণনীতি প্ৰস্তুত কৰিছে। বিভিন্ন ধৰণৰ আঁচনিৰে চমক সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগক লৈ তৎপৰ হৈ পৰা দেখা গৈছে চৰকাৰ। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটোক লৈ আজি কেবিনেট উপ-সমিতিয়ে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰে। উক্ত বৈঠক দুদিনীয়াকৈ চলিব। বিভিন্ন সংগঠনৰ সৈতে পৃথকে পৃথকে আলোচনা কৰিব কেবিনেট উপ-সমিতিয়ে। কেবিনেট উপ-সমিতিৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ বৈঠকৰ প্ৰথম দিনটোত আঠটাকৈ সংগঠনৰ প্ৰতিনিধিৰ সৈতে সুকীয়া সুকীয়াকৈ আলোচনা কৰা হয়। বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাৰ অন্তত কেবিনেট উপ-সমিতিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিস্ত´ত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰিব।

 উল্লেখ্য যে এমাহৰ ভিতৰতেই উপ-সমিতিক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ পিছতেই ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ লগতে আন সংগঠনৰ সৈতে আলোচনা কৰি প্ৰতিবেদন প্ৰস্তুতৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কেবিনেট উপ-সমিতিয়ে আয়োজন কৰিছে গুৰুত্বপূৰ্ণ বৈঠক। কাইলৈ ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ব কেবিনেট উপ-সমিতি। আজিৰ বৈঠক সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা ২০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এমাহৰ ভিতৰত কেবিনেট উপ-সমিতিক কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যাৱতীয় প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে। কেন্দ্ৰীয় চৰকাৰৰ উক্ত নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা আৰম্ভ হৈছে।

 মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে জনজাতিকৰণৰ বিৰোধিতা কৰা আৰু জনজাতিকৰণৰ দাবী কৰা দুয়ো পক্ষৰ মাজত থকা মতানৈক্য দূৰ কৰাৰ বাবে পৃথকে পৃথকে আলোচনা কৰি সমস্যাৰ সমাধান উলিয়াব। আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱনে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনক লৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সাঙুৰিব নালাগে। কম দিনৰ ভিতৰতো হ’ব পাৰে আৰু বেছি দিনো লাগিব পাৰে। চলিত মাহতেই কেবিনেট উপ-সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আজিৰ বৈঠকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দন ব্ৰহ্ম, অতুল বৰা, ফণীভূষণ চৌধুৰী উপস্থিত থাকে। কাইলৈ ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত হ’ব বৈঠক।