Page Nav

HIDE

সাংসদ নৱ কুমাৰ শৰণীয়ৰ বিস্ফোৰণঃ ৰাজ্যপাল শাসন এদিনো যদি বৃদ্ধি কৰা হয় তেন্তে বি টি চিত জুই জ্বলিব

আৰিফ আহমেদ, তামুলপুৰ, ৫ অক্টোবৰ ঃ বিটিচিত ৰাজ্যপাল শাসন যদি এদিনো বৃদ্ধি কৰা হয়, তেতিয়া বিটিচিত জুই জ্বলিব। আমি অপেক্ষা কৰিছো ৬ অক্টোবৰৰ সৰ্...

আৰিফ আহমেদ, তামুলপুৰ, ৫ অক্টোবৰ ঃ বিটিচিত ৰাজ্যপাল শাসন যদি এদিনো বৃদ্ধি কৰা হয়, তেতিয়া বিটিচিত জুই জ্বলিব। আমি অপেক্ষা কৰিছো ৬ অক্টোবৰৰ সৰ্বদলীয় বৈঠকলৈ। যিহেতু অহা ২৭ অক্টোবৰত ৰাজ্যপাল শাসনৰ ৬ মাহ পূৰ্ণ হ’ব, তাৰ পূৰ্বে আমি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনাইছো। কোনো কাৰণতে যাতে বিটিচিত ৰাজ্যপালৰ শাসন এদিনৰ কাৰণেও বৃদ্ধি কৰা নহয় তাৰ বাবেই আমি আহ্বান জনাইছো। যদি ৰাজ্যপালৰ শাসন বৃদ্ধি কৰা হয় তেন্তে আমি বুজিম যে বিটিচিবাসী ৰাইজৰ আশা-আকাংক্ষাত চৰকাৰে একনায়কত্ববাদ চলাইছে। —এই বিস্ফোৰক মন্তব্য ৫ নং লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ। আজি ভাৰত-ভূটান সীমান্তৰ মেনকা চাহ বাগিচাত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নৱ কুমাৰ শৰণীয়াই এইদৰে মন্তব্য কৰে। বিটিচি চুক্তি কাৰ্যকৰীকৰণক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে পুনৰ কয়- বিটিচি নিৰ্বাচন এতিয়ালৈকে স্থগিতকৰণ হোৱা নাই। গতিকে ইয়াত বিটিআৰ চুক্তি কাৰ্যকৰী হোৱা কথাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। বিটিচি নিৰ্বাচনৰ প্ৰক্ৰিয়া বৰ্তমান শেষ পৰ্যায়ত আছে। নিৰ্বাচন অনুষ্ঠিত কৰি সমাপ্ত কৰাৰ বাবে মাত্ৰ ৯-১০ দিনৰ কামহে বাকী আছে। বিটিচিত ক’ভিড-১৯ এতিয়াও গণ সংক্ৰমণ হোৱা নাই। 

 অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকা, ভৱেশ কলিতাৰ উপৰি বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰী, ইউ পি পি এল নেতা  প্ৰমোদ বড়োৱে সহস্ৰাধিক লোকৰ সৈতে বি টি চিত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি তাকে প্ৰমাণ কৰি আহিছে। ৰাজ্যপাল শাসনৰ প্ৰসংগ পুনৰ টানি আনি সাংসদগৰাকীয়ে কয়-  যদি ৰাজ্যপাল শাসন বৃদ্ধি কৰা হয় তেতিয়াহ’লে বি টি চি নিশ্চিতভাৱে জ্বলিব। বি পি এফৰ কাৰ্যকাল শেষ হোৱাৰ পিছত আমিয়ে ৰাজ্যপালৰ শাসন বিচাৰিছিলোঁ। কিন্তু এতিয়া গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থ কাৰোবাৰ মইমতালি আৰু ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে যদি এদিনৰ বাবেও বি টি চিত ৰাজ্যপাল শাসন বৃদ্ধি কৰা হয়, তেতিয়া বি টি চিৰ ৰাইজে ভয়ানক গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল’ব। সাংসদগৰাকীয়ে ইউ পি পি এল দলক সমালোচনা কৰি কয়- বি টি আৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ইউ পি পি এল দলৰ সপক্ষে এটা ঢৌ আহিছিল। কিন্তু বৰ্তমান সময়ত  ইউ পি পি এল দলৰ ঢৌ ম্লান হৈ গ’ল।

বি টি আৰ চুক্তি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত নিৰ্বাচনী আচৰণবিধি ভংগ কৰা হৈছে আৰু এইটো ঠিক কথা হোৱা নাই। প্ৰসংগক্ৰমে বি টি চি অঞ্চলৰ চাহ জনগোষ্ঠীয় লোকসকলৰ সমস্যাৰ প্ৰসংগ টানি আনি সাংসদ নৱ কুমাৰ শৰণীয়াই কয়- জনগোষ্ঠীটোৰ প্ৰথম আৰু প্ৰধান সমস্যা হৈছে ভূমিৰ সমস্যা। চাহ জনগোষ্ঠীৰ আইনখন সংশোধন কৰি জনগোষ্ঠীটোক সুৰক্ষিত শ্ৰেণী ( Protected Class)  হিচাপে সুৰক্ষা দিব লাগিব। বৰ্তমান সময়ত এম জি এনৰেগাত কাম কৰি একো একোজন লোকে ২১৫ টকা মজুৰি লাভ কৰি আহিছে।  কিন্তু চাহ বাগিচাৰ পৰা তেওঁলোকে লাভ কৰা মজুৰি ২১৫ টকাতকৈও কম। তেনেস্থলত চাহ বাগিচা মালিক পক্ষই চাহ শ্ৰমিকসকলৰ মজুৰি ৩৬০ টকালৈ বৃদ্ধি কৰাত কোনো অসুবিধা থাকিব নালাগে। 

যিহেতু মালিক পক্ষই চাহ শ্ৰমিকসকলক কোনোধৰণৰ ৰেচন প্ৰদান নকৰে সেয়েহে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা থাকিব নালাগে। এইবাৰ গণ সুৰক্ষা পাৰ্টীয়ে বিটিচি দখল কৰিব আৰু  চাহ শ্ৰমিকসকলৰ সকলো ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত  গণ সুৰক্ষা পাৰ্টীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিব বুলিও সাংসদ তথা গণ সুৰক্ষা প্ৰাৰ্থীৰ মুৰব্বী নৱ কুমাৰ শৰণীয়াই মন্তব্য কৰে।