Page Nav

HIDE

আছু ত্যাগ কৰিব সমুজ্জ্বল ভট্টাচাৰ্যই : দীৰ্ঘদিনীয়া মৌনতা ভংগ কৰি মুখ্য উপদেষ্টাগৰাকীৰ বিস্ফোৰণ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ অক্টোবৰ :  সমুজ্জ্বল ভট্টাচাৰ্যক লৈ আছুত চলি থকা তীব্ৰ মতানৈক্যৰ পিছতে আজি দীৰ্ঘদিনৰ মূৰত মুখ খুলিছে আছুৰ উপদে...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ অক্টোবৰ :  সমুজ্জ্বল ভট্টাচাৰ্যক লৈ আছুত চলি থকা তীব্ৰ মতানৈক্যৰ পিছতে আজি দীৰ্ঘদিনৰ মূৰত মুখ খুলিছে আছুৰ উপদেষ্টাগৰাকীয়ে। দীৰ্ঘদিন ধৰি সমুজ্জ্বল ভট্টাচাৰ্য আছুত থকাক লৈ সংগঠনটোৰ মাজত বিসম্বাদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। আনকি আছুৰ অনুষ্ঠানত মুখ্য উপদেষ্টাগৰাকীক আমন্ত্ৰণ কৰাক লৈ নগাঁও আছুৰ বিষয়ববীয়াক জবাবদিহি কৰা হৈছিল সংগঠনটোৰে একাংশ বিষয়ববীয়াই। এনে অৱস্থাতে আজি দীৰ্ঘদিনীয়া মৌনতা ভংগ কৰি আছুৰ উপদেষ্টাগৰাকীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে শীঘ্ৰেই তেওঁ আছুৰ পৰা অব্যাহতি ল’ব। আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশনত অংশগ্ৰহণ কৰি ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খণ্ডন কৰাৰ লগতে দীৰ্ঘদিন ধৰি অসুস্থতাত ভোগাৰ বাবে সংগঠনটোৰ অনুষ্ঠানসমূহত সন্মুখৰ পৰা নেতৃত্ব দিব পৰা নাছিল বুলি উল্লেখ কৰে।

 এতিয়াও তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি বিশ্ৰাম গ্ৰহণ কৰি আছে আৰু তেওঁৰ অসুখৰ চিকিৎসা অব্যাহত আছে। শেহতীয়াকৈ আছুৰ পৰা পদত্যাগে কেন্দ্ৰীয় কমিটীৰ সদস্য এগৰাকীৰ অভিযোগ খণ্ডন কৰি তেওঁ কয় যে আছু এটা সংগ্ৰামী সত্তা। এই সত্তা অৰাজনৈতিকভাৱে থকাটো ৰাইজে বিচাৰে। তেওঁ শীঘ্ৰেই আছু ত্যাগ কৰিব বুলি উল্লেখ কৰি অনাগত সময়ত শেষ নিশ্বাস থকালৈকে আছুৰ হকে কাম কৰি যাব আৰু কোনোদিনে ৰাজনীতিৰ পথাৰত অংশগ্ৰহণ নকৰে বুলি জানিবলৈ দিয়ে। আছুৰ অবিৰত সংগ্ৰামী যাত্ৰা সদায় অব্যাহত থাকিব লাগিব বুলি তেওঁ উল্লেখ কৰে। আছুত কোনোদিনে একনায়কত্ববাদ চলা নাই বুলি উল্লেখ কৰি আছু সামূহিক নেতৃত্বত চলা এটা সংগঠন বুলি তেওঁ উল্লেখ কৰে।