গুৱাহাটী, ২৯ অক্টোবৰ ঃ প্ৰথিতযশা চিত্ৰশিল্পী, চলচ্চিত্ৰ প্ৰযোজক-পৰিচালক, সাহিত্যিক গৌৰী বৰ্মনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্...
গুৱাহাটী, ২৯ অক্টোবৰ ঃ প্ৰথিতযশা চিত্ৰশিল্পী, চলচ্চিত্ৰ প্ৰযোজক-পৰিচালক, সাহিত্যিক গৌৰী বৰ্মনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি এক শোকবাৰ্তাৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে জীৱন কালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্ৰয়াত গৌৰী বৰ্মনে ৰাজ্যখনৰ কলা-সংস্কৃতিৰ জগতখনলৈ যি বৰঙনি আগবঢ়াই গ’ল সেয়া সমগ্ৰ ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব। কে’বাখনো চলচ্চিত্ৰ পৰিচালনা কৰি আমাৰ কথাছবি উদ্যোগক চহকী কৰাৰ লগতে দূৰদৰ্শনযোগে সম্প্ৰচাৰিত একাধিক ধাৰাবাহিক পৰিচালনা কৰাৰ লগতে নাট্য-সাহিত্যলৈও বৰঙনি আগবঢ়াই গৈছে। এইগৰাকী চিত্ৰশিল্পীয়ে ৰাজ্যৰ বাহিৰতো তৈলচিত্ৰ প্ৰদৰ্শন কৰি তেওঁ আমাৰ শিল্প কলাক দেশবাসীৰ সন্মুখত তুলি ধৰিছিল।
কে’বাখনো গ্ৰন্থ প্ৰকাশ কৰি আমাৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। যোৱা চাৰি দশক ধৰি বিভিন্ন কাকত-আলোচনীত কবিতা, গল্প, চলচ্চিত্ৰ, শিল্পকলা, সামাজিক আৰু সমসাময়িক বিভিন্ন দিশ আলোকপাত কৰি লিখা প্ৰবন্ধসমূহেও তেখেতৰ উচ্চ চিন্তাৰ পৰিচয় দাঙি ধৰিছিল। এইগৰাকী বিশিষ্ট শিল্পীৰ বিয়োগ আমাৰ সাংস্কৃতিক তথা সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে প্ৰয়াত গৌৰী বৰ্মনৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
No comments