ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট,৫, অক্টোবৰ : অসম আৰক্ষীৰ এছ আই পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ কেলেংকাৰীত জড়িত অভিযুক্তসকলৰ শাস্তিৰ দাবীত আজি যোৰহাটত ...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট,৫, অক্টোবৰ : অসম আৰক্ষীৰ এছ আই পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ কেলেংকাৰীত জড়িত অভিযুক্তসকলৰ শাস্তিৰ দাবীত আজি যোৰহাটত জিলা কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । জিলা কংগ্ৰেছৰ কার্যলয়ৰ পৰা সমদল কৰি আহি জিলা উপায়ুক্ত কার্যলয়ৰ সন্মুখত ধৰ্ণা প্ৰতিবাদেৰে উত্তাল কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ দ্বীপ গগৈৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে অংশগ্ৰহণ কৰে । গোস্বামীয়ে প্ৰতিবাদস্থলীত বিজেপি চৰকাৰ খনক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে সকলো ক্ষেত্ৰতে বিফল হৈছে এই বিজেপি চৰকাৰখন । নাই নিবনুৱা সংস্থাপন, নাই কোনো উন্নয়নৰ গতি, এই চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা কথা কোৱা বিজেপি চৰকাৰ খনে এতিয়া কেৱল দুৰ্নীতি কে প্ৰশ্ৰয় দিয়া দেখা গৈছে । উদাহৰণস্বৰূপে এছ আই পৰীক্ষা অনুষ্ঠিত কৰিছিল বহুত মেধা সম্পন্ন যুৱক যুৱতীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু অথলে গল সকলো বোৰ কষ্ট। বিজেপি দলৰ সদস্য নামিল দুৰ্নীতি কৰিবলৈ ফাদিল কৰিলে পৰীক্ষাৰ প্ৰশ্ন কাকত । সুচাৰুৰূপে পালন কৰাত বিফল এই বিজেপি চৰকাৰৰ পৰা ৰাইজে আৰু কি আশা কৰিব বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে । আৰু কয় যে আগন্তুক নিবাৰ্চনত ৰাইজে উচিৎ প্ৰত্যুত্তৰ দিব ।
No comments