Page Nav

HIDE

মাৰ্ঘেৰিটাত জ্যেষ্ঠ কংগ্ৰেছী নেতা বাসুদেৱ ছেত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত । বুঢ়ীদিহিংত পাঁচ শতাধিক লোকে জনালে আদৰণি

গণ বার্তা, লেখাপানী, ১২ অক্টোবৰ :  ৰাজ্যত অব্যাহত আছে ২০২১ ৰ নিৰ্বাচনী কুচকাৱাজ । প্ৰতিটো ৰাজনৈতিক দলৰ মাজত উঠিছে নিৰ্বাচনী ঢৌ । বিজেপি সমান...


গণ বার্তা, লেখাপানী, ১২ অক্টোবৰ :  ৰাজ্যত অব্যাহত আছে ২০২১ ৰ নিৰ্বাচনী কুচকাৱাজ । প্ৰতিটো ৰাজনৈতিক দলৰ মাজত উঠিছে নিৰ্বাচনী ঢৌ । বিজেপি সমান্তৰালকৈ অধিক প্ৰচাৰত নামি পৰিছে মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছ দলও । তেনেস্থলত আজি কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তিনিচুকীয়া জিলাৰ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰে মাৰ্ঘেৰিটা সমষ্টিৰ জনপ্ৰিয় তথা জ্যেষ্ঠ প্ৰবীণ কংগ্ৰেছী নেতা বাসুদেৱ ছেত্ৰীয়ে। বাসুদেৱ ছেত্ৰীয়ে জিলা সম্পাদকৰ পদত অধিষ্ঠিত হোৱাৰ প্ৰেক্ষাপটত কংগ্ৰেছ দলৰ তৃণমূল পৰ্য্যায়ৰ পৰা লৈ জ্যেষ্ঠ প্ৰবীণ কংগ্ৰেছী নেতাই আনন্দত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে । দেওবাৰে মাৰ্ঘেৰিটা সমষ্টিৰ গুৰুত্ব পূৰ্ণ অঞ্চল বুঢ়ীদিহিং মৌজাৰ ন পুৰণি কংগ্ৰেছী নেতাই বিপুল আদৰণি জনায় নতুনকৈ দায়িত্ব পোৱা তিনিচুকীয়া জিলাৰ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক বাসুদেৱ ছেত্ৰীক । প্ৰায় পাঁচ শতাধিক লোকে "নৱ নিযুক্ত তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মাননীয় বাসুদেৱ ছেত্ৰী দেৱৰ সম্বৰ্ধনা অনুষ্ঠান" বুঢ়ীদিহিং মৌজা এখন বিশাল বেনাৰৰ তলতেই এক বিশাল কংগ্ৰেছ দলৰ সভা আহ্বান কৰি তৃণমূল পৰ্য্যায়ৰ পৰা লৈ প্ৰবীণ জ্যেষ্ঠ কংগ্ৰেছী নেতাই বিপুল আদৰণি জনায় বাসুদেৱ ছাত্ৰীক উক্ত আদৰণি সভাতেই প্ৰায় দুই শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে । এনেদৰে অধিক উদ্যমেৰে কংগ্ৰেছ দলৰ মাজত আনন্দিত হোৱা দেখা যায় । উল্লেখযোগ্য যে যি সময়ত কংগ্ৰেছ দলৰ অন্য প্ৰাৰ্থীৰ দাবীদাৰ সকলে নিজৰ ধন খৰচ কৰি সভা সমিতি আয়োজন কৰাৰ মাজতেই জ্যেষ্ঠ নেতা বাসুদেৱ ছেত্ৰীৰ এই আদৰণি সভাখনত স্থানীয় ৰাইজে নিজৰ মাজতেই ধন সংগ্ৰহ কৰি খৰচ বহন কৰা বুলি জানিব পৰা গৈছে । এই আদৰণি সভাখনত বুঢ়ীদিহিং মৌজাৰ ৰাইজৰ মৰম স্নেহ বুটলিবলৈ সক্ষম হোৱাত নৱ নিযুক্ত কংগ্ৰেছৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক বাসুদেৱ ছাত্ৰীয়ে সভাত উপস্থিতি থকা ন পুৰণি সকলো প্ৰবীণ কংগ্ৰেছী জ্যেষ্ঠ নেতা সকলক আবেগিক হৈ ধন্যবাদ জ্ঞাপন কৰে । এই দৰে বাসুদেৱ ছেত্ৰীক কৰা সমাদৰে এক প্ৰকাৰে বাসুদেৱ ছেত্ৰীৰ মাৰ্ঘেৰিটা সমষ্টিৰ হৈ প্ৰাৰ্থীত্ব লাভ কৰাটো  অধিক প্ৰকট হৈ পৰিছে । ( লেখাপানীৰ পৰা শৰৎ গগৈ  )