Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এতিয়াৰে পৰা ল’ব নোৱাৰিব অত্যধিক মাচুল ঃছাত্ৰ-ছাত্ৰীৰ মাচুল নিৰ্ধাৰণ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ অক্টোবৰ ঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাঠফুলাৰ দৰে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নাকী লগাবলৈ সাজু হৈছে চৰ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ অক্টোবৰ ঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাঠফুলাৰ দৰে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নাকী লগাবলৈ সাজু হৈছে চৰকাৰ। এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে জধে-মধে আৰু বেআইনীভাৱে অত্যধিক হাৰত ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰিব নোৱাৰিব। নিজৰ ইচ্ছা অনুসৰি বৃদ্ধি কৰিব নোৱাৰিব মাচুল। ৰাজ্য চৰকাৰৰ ১৬জনীয়া মাচুল নিয়ন্ত্ৰণ কমিটীয়ে ইতিমধ্যে জাৰি কৰিছে নিৰ্দেশনা। নিৰ্ধাৰণ কৰিছে মাচুল। জানিব পৰা মতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বাৰ্ষিক মাচুল ল’ব পাৰিব সৰ্বাধিক ২৭ হাজাৰ টকা। একেদৰে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক মাচুল সৰ্বাধিক ৩২ হাজাৰ টকা নিৰ্ধাৰণ কৰিছে। একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত বাৰ্ষিক মাচুল হ’ব সৰ্বাধিক ৩৭ হাজাৰ টকা।

 আনহাতে কলা শাখাত বাৰ্ষিক মাচুল সৰ্বাধিক ৩২ হাজাৰ টকা নিৰ্ধাৰণ কৰিছে। বাণিজ্য শাখাৰ সৰ্বাধিক বাৰ্ষিক মাচুল হ’ব ৩২ হাজাৰ টকা। ইপিনে অন্যান্য বিভাগৰ বাবে ৩৫ হাজাৰ টকা বাৰ্ষিক মাচুল নিৰ্ধাৰণ কৰিছে। বছৰি সকলো খৰচ অন্তৰ্ভুক্ত কৰা হৈছে এই বাৰ্ষিক মাচুলত। ইয়াত কেৱল ছাত্ৰ-ছাত্ৰীৰ বাছ ভাৰা অন্তৰ্ভুক্ত কৰা হোৱা নাই। ২০২১-২২ বৰ্ষৰ বাবেহে এই বাৰ্ষিক মাচুল ধাৰ্য কৰা হৈছে। যিসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এই নিয়মসমূহ অৱমাননা কৰিব তেনে বিদ্যালয়সমূহৰ বিৰুদ্ধে ৰাজ্যৰ শিক্ষা বিভাগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব।

No comments