Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আলহাজিনা আফৰুজা আহমেদৰ মৃত্যু

গণ বাৰ্তা, ডিব্ৰুগড়, ২০ অক্টোবৰঃ  ডিব্ৰুগড়ৰ নালিয়াপুল নিবাসী সৰবৰহী মহিলা আলহাজিনা আফৰুজা আহমেদৰ গুৱাহাটীৰ এখন নাৰ্ছিং হস্পিতালত কিছুদিন বেম...


গণ বাৰ্তা, ডিব্ৰুগড়, ২০ অক্টোবৰঃ  ডিব্ৰুগড়ৰ নালিয়াপুল নিবাসী সৰবৰহী মহিলা আলহাজিনা আফৰুজা আহমেদৰ গুৱাহাটীৰ এখন নাৰ্ছিং হস্পিতালত কিছুদিন বেমাৰ হৈ থাকি দেওবাৰে পুৱা মৃত্যু হয় আৰু মৃতদেহ ডিব্ৰুগড়ৰ নিজা গৃহলৈ লৈ আহে।  ডিব্ৰুগড়ৰ পাঁচ আলিত জন্ম গ্ৰহণ কৰা অতি সহজ সৰল আৰু অমায়িক আফৰুজা আহমেদৰ মৃত্যুৰ সময়ত বয়স আছিল ৬২ বছৰ। কেইবছৰ মান পূৰ্বে তেওঁৰ স্বামী চেলিম উদ্দিন আহমেদৰো মৃত্যু হৈছিল। মৃত্যুৰ সময়ত আফৰুজা আহমেদৰ এটি পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে নাতি নাতিনী আৰু পৰিয়ালৰ অনেক সদস্যক ইহসংসাৰত এৰি যায়। ২০১৭ চনত মৰহুমা আফৰুজাই হজব্ৰত সম্পন্ন কৰি আহিছিল তেওঁৰ পুত্ৰৰ স'তে। আজি স্থানীয় নালিয়াপুল কবৰ স্থানত অনেক গুণ মুগ্ধৰ উপস্থিতিত কোভিডৰ নীতি নিয়মেৰে জানাজা সম্পন্ন কৰা হয়। তেওঁৰ  মৃত্যুত নালিয়াপুলত শোকৰ ছাঁ পৰে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মৰহুমা আফৰুজা আহমেদৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

No comments