Page Nav

HIDE

ছানৰাইজাৰ হায়দৰাবাদৰ হাতত ৬৯ ৰানত পৰাস্ত কিংছ ইলেভেন পঞ্জাব

ডুবাই, ৯ অক্টোবৰ:  ডুবাইত অনুষ্ঠিত আই পি এল ২০২০ৰ ২২ সংখ্যক মেচত ছানৰাইজাৰ হায়দৰাবাদে কিংছ ইলেভেন পঞ্জাবৰ বিৰুদ্ধে  ৬৯ ৰানত জয় হয়। প্ৰথমে বে...

ডুবাই, ৯ অক্টোবৰ:  ডুবাইত অনুষ্ঠিত আই পি এল ২০২০ৰ ২২ সংখ্যক মেচত ছানৰাইজাৰ হায়দৰাবাদে কিংছ ইলেভেন পঞ্জাবৰ বিৰুদ্ধে  ৬৯ ৰানত জয় হয়। প্ৰথমে বেটিং কৰি ছানৰাইজাৰ হায়দৰাবাদে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই  ডেভিদ ৱাৰ্নাৰৰ এটা ছিক্স আৰু ৫টা চাৰিৰ সহায়ত ৪০টা বলত ৫২ ৰান, জনী বেইৰষ্ট’ৰ বিস্ফোৰক ৫৫টা বলত চাৰিটা ৬ আৰু ৭টা ৪ৰ সহায়ত  ৯৭ ৰান আৰু কেন উইলিয়ামছনৰ ২০ ৰানৰ সহায়ত ২০১ ৰান কৰে৷ ছানৰাইজাৰ হায়দৰাবাদে লক্ষ্য বান্ধি দিয়া  ২০২ ৰান আগত ৰাখি  কিংছ ইলেভেনে খেলিবলৈ আহি আৰম্ভনিতে মায়াংক আগৰৱাল মাত্ৰাৰ ৯ ৰানত ৰান আউট  হৈ  প্ৰভিলিয়ানমুখী হয়৷ পিছত কে এল ৰাহুল ৰাহুল অভিষেকৰ বলত ১১ ৰানত আউট হ’বলগীয়া হয়৷ তাৰ পিছত  নিক’লাছ পোৰানে মেচখন নিজৰ আক্ৰমণাক ৰূপে এটা অভাৰতে ৪টা ছিক্স কোবাই  কিছু মেচখন নিজৰ অধীনলৈ আনিবলৈ চেষ্টা কৰে যদিও ৰাছিদ খানৰ বলত আউট হ’বলগীয়া হয়৷

 তাৰ পিছত এটাৰ পিছত আনটো বেটছমেন ছানৰাইজাৰ হায়দৰাবাদৰ বলাৰৰ হাতত ধৰাশায়ী হৈ ১৬.৫ অভাৰত আটাইেকইটা উইকেট হেৰুৱাই মাত্ৰ ১৩২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ছানৰাইজাৰ হায়দৰাবাদৰ হাতত ৬৯ ৰানত পৰাস্ত হয়৷ ছানৰাইজাৰ হায়দৰাবাদৰ  হৈ ৰাছিদ খানে  ৩টা, খলিল আহমেদে ২টা, টি নটৰাজনে ২টা আৰু অভিষেক শৰ্মাই এটা উইকেট লাভ কৰে৷ জনী বেইৰষ্ট’ই মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে৷