Page Nav

HIDE

পুৰোহিতৰ মন্ত্ৰ,স্তোত্ৰ পাঠেৰে আৰম্ভ হ’ল বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গোৎসৱ

  এম মহিবৰ ৰহমান, নলবাৰী, ১৭ অক্টোবৰ ঃ পুৰোহিতৰ মন্ত্ৰ, স্তোত্ৰ পাঠেৰে আজিৰে পৰা  আৰম্ভ হ’ল বেলশৰৰ ইতিহাসপ্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ৰ শাৰদীয় ...

 

এম মহিবৰ ৰহমান, নলবাৰী, ১৭ অক্টোবৰ ঃ পুৰোহিতৰ মন্ত্ৰ, স্তোত্ৰ পাঠেৰে আজিৰে পৰা  আৰম্ভ হ’ল বেলশৰৰ ইতিহাসপ্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ৰ শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰি পূজা। প্ৰাচীন শৈৱপীঠস্থান বিল্বেশ্বৰ দেৱালয়ত প্ৰতিপদ পূজাৰ পিছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা, কুস্মাণ্ড, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিৰাত্ৰি ৰূপত নৱৰাত্ৰি পূজা চলি অহাৰ পিছত দশমীৰ দিনা বিজয়া দশমী উৎসৱ হিচাপে উদ্‌যাপন কৰি অহা  হৈছে। সেই মৰ্মে পূৰ্বৰ ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰি আজি পৱিত্ৰ দেৱালয়খনৰ মণিকূটৰ ভিতৰত আছুতীয়াকৈ অস্থায়ীভাৱে স্থাপন কৰা বেদীত শাৰদীয় দুৰ্গোৎসৱৰ আজি প্ৰতিপদ তিথিৰ শৈলপুত্ৰী পূজাৰ আৰাধনা চলে। প্ৰতিপদৰ আজিৰ শৈলপুত্ৰী পূজাত ছাগলী এটি বলি দি দেৱীৰ ওচৰত উছৰ্গা কৰা হয়। 

এনেদৰে মণিকূটৰ ভিতৰত ষষ্ঠীৰ দিনালৈকে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা, কুস্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত দেৱীৰ পূজা, আৰাধনা চলাৰ পিছত দেৱালয়ৰ বাহিৰত থকা বেলবৰণ গৃহত দেৱীৰ বোধন, আমন্ত্ৰণ কৰি  ষষ্ঠীৰ সন্ধিয়া ষষ্ঠীৰ বেদীত স্থায়ী দুৰ্গা মন্দিৰত দেৱী প্ৰতিষ্ঠা কৰি  মহাসপ্তমীৰ কালৰাত্ৰি, মহা অষ্টমীৰ মহাগৌৰী আৰু মহানৱমীৰ দিনা সিদ্ধিৰাত্ৰি ৰূপত দেৱী পূজা কৰাৰ পিছত পিছদিনা দশমীৰ দিনা অপৰাজিতা পূজা কৰি মহিষ-মৰ্দিনী দেৱীক বিসৰ্জন দিয়া হ’ব। ইপিনে এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱত ভক্তপ্ৰাণ ৰাইজে চৰকাৰে বান্ধি দিয়া নতুন নীতি-নিয়মৰ মাজেৰে পূজা উপভোগ কৰিব লাগিব। বিশ্বব্যাপী মহামাৰী কোৰোনাৰ প্ৰকোপৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে পূজা কমিটীসমূহৰ লগতে ভক্তপ্ৰাণ ৰাইজেও নতুন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। 

এই বছৰ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিৰাপদে থকাৰ অৰ্থে পূৰ্বৰ নীতি-নিয়মসমূহৰ লগতে আন কিছুমান নতুন নীতি-নিয়ম দুৰ্গা পূজা কমিটীসমূহে মানি চলিব লাগিব বুলি নলবাৰী জিলা প্ৰশাসনে ইতিমধ্যে স্পষ্ট কৰি দিছে। এই উপলক্ষে যোৱা ৫ ছেপ্টেম্বৰত নলবাৰী জিলা উপায়ুক্ত পূৰবী কোঁৱৰৰ উপস্থিতিত জিলাখনৰ দুৰ্গা পূজা কমিটীসমূহৰ লগত উপায়ুক্তৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয় । দুৰ্গা পূজা পালনৰ পূৰ্বৰ নীতি-নিয়মসমূহৰ লগতে এই বছৰ পূজা কমিটীসমূহে সামাজিক দূৰত্ব, মাস্ক পৰিধান বাধ্যতামূলক কৰি, মাইক ব্যৱহাৰ নকৰাকৈ কেৱল বৈদিক নীতি-নিয়ম মতেহে যাতে দুৰ্গা পূজা উদ্‌যাপন কৰে তাৰ বাবে জিলা উপায়ুক্ত পূৰবী কোঁৱৰ আৰু আৰক্ষী অধীক্ষক অমনজিৎ কৌৰে আহ্বান জনায়। দুৰ্গা পূজা কমিটীসমূহৰ স্বেচ্ছাসেৱকসকলে এই ক’ভিড-১৯ৰ নীতি-নিয়মসমূহ কাৰ্যকৰী কৰিব লাগিব। লগতে স্বাস্থ্য বিভাগৰ লোক যাতে দুৰ্গা পূজাথলীত নিয়োগ কৰা হয় তাৰ বাবেও পূজা কমিটীসমূহক আহ্বান জনোৱা হয় । লগতে ১০ বছৰৰ তলৰ আৰু ৬৫ বছৰ বা তাতকৈ ওপৰৰ লোক যাতে পূজাথলীলৈ নাহে তাৰ বাবেও তেওঁলোকক ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হয়।

 তদুপৰি দোকান-পোহাৰ, বজাৰ, বৈদ্যুতিক চমক, তোৰণ আদি যাতে পূজাথলীত দিয়া নহয় তাৰ বাবে পূজা কমিটীসমূহক আহ্বান জনোৱা হয়। ইপিনে সভাত উপস্থিত থকা দুৰ্গা পূজা কমিটীসমূহৰ বিষয়ববীয়াসকলে চৰকাৰে বান্ধি দিয়া ক’ভিড-১৯ নীতি-নিয়ম মানি দুৰ্গা পূজা উদ্‌যাপন কৰিব বুলি আশ্বাস দিয়ে। এনে কঠোৰ নীতি-নিয়ম বান্ধি দিয়াৰ পিছতো বিল্বেশ্বৰ দেৱালয়ৰ আজিৰ প্ৰথম দিনাৰ পূজাতেই প্ৰট’কল ভংগৰ অভিযোগ উঠিছে। যিটো সময়ত প্ৰশাসনে  অন্যান্য নীতি-নিয়মৰ লগতে  ১০ বছৰৰ তলৰ আৰু ৬৫ বছৰ বা তাতকৈ ওপৰৰ লোক যাতে পূজাথলীলৈ নাহে তাৰ বাবেও প্ৰতিখন পূজা কমিটীক ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ সময়ত ৮৫ বছৰীয়া পুৰোহিত কনক শৰ্মাক আনি আজি দেৱালয়খনে  কেনেকৈ  পূজা কৰালে এই লৈ প্ৰশ্ন উত্থাপন হৈছে। এইগৰাকী বয়োবৃদ্ধ পুৰোহিতৰ দ্বাৰা পূজা কৰি দেৱালয়খনে ক’ভিড প্ৰট’কল ভংগ কৰাৰ অভিযোগ উঠিছে। মন কৰিব লগা যে জিলা প্ৰশাসনৰ মুৰব্বী জিলা উপায়ুক্তগৰাকী হৈছে দেৱালয় পৰিচালনা সমিতিৰো সভাপতি। এনে ক্ষেত্ৰত নলবাৰী জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হিচাপে বিবেচিত হৈছে।