Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শাৰদীয় দুৰ্গা পূজাস্থলীত কৰিব নোৱাৰিব প্ৰসাদ বিতৰণ কৰিবঃ ৰেষ্টুৰেণ্টত বহি খাব নোৱাৰিব, মুৰ্তি বিসৰ্জনত যাব পাৰিব দহজন ব্যক্তিহে

মহানগৰ প্ৰতিবেদক, ১৫ অক্টোবৰ ঃ কোৰোনা মহামাৰীৰ বাবে এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱ উলহ-মালহেৰে পূজা কমিটীসমূহে আয়োজন কৰিব নোৱাৰিব। চৰকাৰ তথা স্বাস্...

মহানগৰ প্ৰতিবেদক, ১৫ অক্টোবৰ ঃ কোৰোনা মহামাৰীৰ বাবে এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱ উলহ-মালহেৰে পূজা কমিটীসমূহে আয়োজন কৰিব নোৱাৰিব। চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বহু নীতি-নিৰ্দেশনা পালন কৰিহে পূজা কমিটীসমূহে শাৰদীয় দুৰ্গোৎসৱ পালন কৰিব লাগিব। এইক্ষেত্ৰত আজি মহানগৰীৰ জিলা পুথিভড়ালত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ পূজা সমিতিৰ বিষয়ববীয়াসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শাৰদীয় দুৰ্গোৎসৱ কিভাৱে উদ্‌যাপন কৰা হ’ব সেই বিষয়ে বিশ¸দভাৱে আলোচনা কৰা হয়।স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা অনুসৰি পূজা কমিটীসমূহে দুৰ্গা পূজা উদ্‌যাপন কৰিব লাগিব। 

পূজা কমিটীসমূহে পূজাস্থলীত প্ৰসাদ বিতৰণ কৰিব নোৱাৰিব।প্ৰতিখন পূজা মণ্ডপত এক মিটাৰ দূৰত্বত ভক্তিমূলক অনুষ্ঠান কৰিব পাৰিব। নিশা ১০ বজাৰ পূৰ্বেই পূজাৰ সকলো কাম-কাজ শেষ কৰিব লাগিব। পূজাৰ সময়ছোৱাত মেলা, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰিব পূজা কমিটীসমূহে। পূজাৰ সময়ছোৱাত হোটেল-ৰেষ্টুৰেণ্টসমূহ ৯ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব। ৰেষ্টুৰেণ্টত কোনেও বহি খাব নোৱাৰিব। ক্ৰয় কৰি লৈ যাব লাগিব গ্ৰাহকে।মূৰ্তি বিসৰ্জনৰ সময়ত কেৱল দহজন লোকহে সমৱেত হ’ব পাৰিব। এইবাৰ কাছমাৰী, সোণাপুৰ, চন্দ্ৰপুৰ, সাউকুছি, পাণ্ডু, চূণশালি, আজৰাঘাটত মূৰ্তি বিসৰ্জন হ’ব বুলি প্ৰকাশ কৰিছে জিলা প্ৰশাসনে। লগতে বেলতলা, দিছপুৰ অঞ্চলৰ পূজা কমিটীসমূহে সাউকুছিত প্ৰতিমা বিসৰ্জন কৰিব লাগিব। আনহাতে পূজাৰ দশমীৰ দিনা বন্ধ থাকিব সুৰাৰ বিপণীসমূহ বুলি প্ৰকাশ কৰিছে প্ৰশাসনে। 

No comments