Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত হিমন্ত বিশ্বশৰ্মা : ভূমিহীন লোকলৈ ভূমি আৰু পট্টা প্ৰদান।

'ন' আলি উৰণীয়া সেতু নিৰ্মাণ স্থান পৰিদৰ্শন : '২১ চনৰ ভিতৰত নিৰ্মান সম্পূৰ্ণ হব।           গণ বার্তা বিশেষ, যোৰহাট, ৫ অক্টোবৰ :- ...

'ন' আলি উৰণীয়া সেতু নিৰ্মাণ স্থান পৰিদৰ্শন : '২১ চনৰ ভিতৰত নিৰ্মান সম্পূৰ্ণ হব।          



গণ বার্তা বিশেষ, যোৰহাট, ৫ অক্টোবৰ :- সমগ্ৰ ৰাজ্যৰ প্ৰায় এক লাখ  পট্টাহীন আৰু ভূমিহীন লোকক  পট্টা দিয়াৰ কাম আজিৰে পৰা আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আঁচনি আৰম্ভ কৰাৰ লগতে যোৰহাট জিলাটো আজি   পট্টা কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যৰ বিত্ত, স্বাস্থ্য , গড়কাপ্তানী আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পট্টা প্ৰদান অনুষ্ঠানত ভাগ লয়। পীতাম্বৰ দেৱ গোস্বামী পেক্ষাগৃহত এই উপলক্ষে অনুষ্ঠিত এক সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী শৰ্মাই আজিৰ এই কায্যসূচী বিকাশ আৰু অস্তিত্ব ৰক্ষাৰ অংশ বুলি মন্তব্য কৰে। ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ পাছত মূলতঃ দুটা দিশ বিকাশ আৰু  হেৰাই যাবলৈ ধৰা ঐতিহ্য উদ্ধাৰ কৰি অস্তিত্ব ৰক্ষাৰ যুঁজত গুৰুত্ব দিয়া হৈছিল বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অসমৰ পুৰণি সত্ৰ, ঐতিহাসক ক্ষেত্ৰ আদিৰ ভূমি সন্দেহযুক্ত লোকে বেদখল কৰি অস্তিতলৈ সংকট কঢ়িয়াই আনিছিল। বি জে পি চৰকাৰে বৰ্তমানলৈকে প্ৰায় ১৩ হেজাৰ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে। অসমৰ এনে কিছু সমষ্টি আছে যিবোৰৰ ২৫ বছৰ আগৰ ভোটাৰ তালিকা আৰু এতিয়াৰ ভোটাৰ তালিকা মিলাই চালেই দেখা যাব আমাৰ অস্তিত্ব কি হবলৈ গৈ আছে বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যত কোভিড মহামাৰীৰ বাবে উন্নয়ন স্তব্ধ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ আগশাৰীৰ বহু কেইখন ৰাজ্য ই কোভিড মহামাৰীৰ সময়ত কৰ্মচাৰীৰ দৰমহা ৫০ শতাংশ পয্যন্ত হ্ৰাস কৰিছিল কিন্তু অসমে দৰমহা হ্ৰাস কৰাৰ দূৰৰ কথা, মাহৰ প্ৰথম দিনটোতেই দৰমহা দি আহিবলৈ সক্ষম হৈছে। কোভিডৰ সময়তো শিক্ষক নিযুক্তি, বিদ্যালয় প্ৰাদেশিকি কৰণ, অৰুণোদয়, অৰুন্ধতী, বৃদ্ধ পেন্সণ, বিবাহ পঞ্জীয়ন কৰা যুৱতীলৈ সোণ আদি আঁচনি প্ৰতিকূলতাৰ মাজতো ৰাজ্য চৰকাৰে ৰূপায়ন কৰা বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে। উল্লেখযোগ্য যে যোৰহাট জিলাৰ টীয়ক, তিতাবৰ, মৰিয়নী, যোৰহাট আদি ৰাজহ চক্ৰৰ প্ৰায় পাঁচ হেজাৰ লোকলৈ ভূমিৰ পত্তা দিয়া হৈছে। অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, যোৰহাটৰ উপায়ুক্ত ৰশ্মি অপৰঞ্জী কৰাটি, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কায্যবাহি কুমুদ কছাৰীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ডঃ শৰ্মাই যোৰহাটৰ ন আলিত নিৰ্মীয়মান উৰণীয়া সেতুৰ কামৰ অগ্ৰগতিৰ বুজ লয়। অহা ২০২১ চনৰ ভিতৰত উৰণীয়া সেতু খনৰ নিৰ্মান সম্পূৰ্ণ হব বুলি তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে। তদুপৰি যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ পথত আন এখন উৰণীয়া সেতু নিৰ্মান হব বুলিও তেওঁ উল্লেখ কৰে।

No comments