Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কোভিড-১৯ ভেকছিনৰ বিশ্বব্যাপী আৰম্ভ কৰাৰ প্ৰস্তুতিত ম'ৰ্ডানাৰ

ৱাশ্বিংটন, ৩০ অক্টোবৰঃ   আমেৰিকান বায়’টেকন’লজী কোম্পানী ম’ৰ্ডানাই ঘোষণা কৰে যে  ক’ভিড-১৯ ভেকছিন বিশ্বব্যাপী আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি কৰি আছ...


ৱাশ্বিংটন, ৩০ অক্টোবৰঃ  আমেৰিকান বায়’টেকন’লজী কোম্পানী ম’ৰ্ডানাই ঘোষণা কৰে যে  ক’ভিড-১৯ ভেকছিন বিশ্বব্যাপী আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি কৰি আছে। উল্লেখ কৰে যে এমআৰএনএ-১২৭৩ আৰম্ভ কৰাৰ বাবে সক্ৰিয়ভাৱে প্ৰস্তুতি কৰি আছে আৰু  তেওঁলোকে বিশ্বৰ বিভিন্ন চৰকাৰৰ সৈতে কেইবাটাও যোগান চুক্তি¦ত স্বাক্ষৰ কৰিছোঁ বুলি এক বিবৃতিত উল্লেখ কৰে। বাচেলৰ মতে, কোভিড-১৯ ভেকছিন এমআৰএ-১২৭৩-ৰ তৃতীয় পৰ্যায়ৰ অধ্যয়নৰ উপৰিও, মডাৰ্নাৰ এতিয়া চাৰিটা দ্বিতীয় পৰ্যায়ৰ কাৰ্য্যসূচী হাতত লৈছে৷

 “মডাৰ্না সৰ্বোচ্চ ডাটা মানদণ্ডৰ আৰু  বৈজ্ঞানিক গৱেষণাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, আমি এমআৰএনএ-১২৭৩ আগবঢ়াবলৈ নিয়মীয়াকৈ কাম কৰি আছো’’ তেওঁ লগতে কয়  যে, ২২ অক্টোবৰত এম আৰ এন এ-১২৭৩ ৰ তৃতীয় পৰ্যায়ত বিভিন্ন পৰ্যায়ৰ প্ৰায় ৩৭শতাংশ অংশগ্ৰহণকাৰীৰ সৈতে ৩০,০০০ অংশগ্ৰহণকাৰীৰ নামভৰ্তি সম্পূৰ্ণ কৰিছিল।১৪ জুলাইত নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশিত ভেকছিনৰ প্ৰথম পৰ্যায়ৰ অৱগত বিশ্লেষণে প্ৰকাশ কৰে যে এমআৰএনএ-১২৭৩-এ সকলো বয়সৰ লোকৰ ওপৰত ভাল দৰে কাম কৰিছিল আৰু ছাৰচ-COV-2ৰ বিৰুদ্ধে দ্ৰুততাৰে কাম কৰিছিল। 

No comments