Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চৰাঞ্চলৰ শিক্ষা, স্বাস্থ্য, আৰ্থসামাজিক উন্নয়ন, অ’বিচি সন্দৰ্ভত আলোচনা, ধৰ্মৰ নামত স্বায়ত্বশাসন অযুক্তিকৰ : আব্দুল খালেক

গুৱাহাটী, ১৮ অক্টোবৰ : অসমৰ নিপীড়িত সংখ্যালঘু জনগোষ্ঠীৰ হকে যুঁজ দিয়া বলিষ্ঠ নেতা তথা বৰপেটা সমষ্টিৰ প্ৰয়াত প্ৰাক্তন সাংসদ এ এফ গোলাম ওচমানী...

গুৱাহাটী, ১৮ অক্টোবৰ : অসমৰ নিপীড়িত সংখ্যালঘু জনগোষ্ঠীৰ হকে যুঁজ দিয়া বলিষ্ঠ নেতা তথা বৰপেটা সমষ্টিৰ প্ৰয়াত প্ৰাক্তন সাংসদ এ এফ গোলাম ওচমানীয়ে গঠন কৰা ‘অসম চৰ পৰিষদ’ পুনৰ জাগ্ৰত কৰাৰ উদ্দেশ্যৰে আজি গুৱাহাটীৰ সাউকুছিস্থিত এনইএফ কলেজৰ প্ৰেক্ষাগৃহত এক সভাৰ আয়োজন কৰা হয়। ‘দৈনিক গণ অধিকাৰ’ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বৰ্তমান সময়ত ‘অসম চৰ পৰিষদ’ৰ প্ৰাসংগিকতা সম্পৰ্কত বহুকেইজন বক্তাই যুক্তি দাঙি ধৰে। এই সভাত উপস্থিত থাকি বৰপেটা সংসদীয় সমষ্টিৰ সাংসদ আব্দুল খালেকে বৰ্তমান অসমত অধিসূচিত (ন’টিফাইড) আৰু পলিটিকেল- এই দুই প্ৰকাৰৰ চৰ থকা বুলি উল্লেখ কৰে। অসমত ২,০০০ৰ অধিক অধিসূচিত চৰ থকা বুলি জানিবলৈ দি কয় যে অসম চৰ পৰিষদ শক্তিশালী কৰি এই চৰাঞ্চলবাসীক অ’বিচিৰ অন্তৰ্ভুক্তিৰ বাবে মাত মাতিব লাগে। 

অ’বিচিৰ অন্তৰ্ভুক্তি হ’লেহে চৰাঞ্চলবাসীয়ে ন্যায় লাভ কৰিব। সাংসদ খালেকে লগতে কয় যে গৰাখহনীয়াই চৰাঞ্চলৰ জনতাক অঘৰী কৰে আৰু সময়ৰ নিষ্ঠুৰ পৰিহাসৰ চিকাৰ হৈ ‘ডি-ভোটাৰ’ৰ গ্লানি মূৰ পাতি ল’বলগীয়া হয়। কিন্তু এইসকলক চৰকাৰে মাইগ্ৰেণ্ট চাৰ্টিফিকেট প্ৰদান কৰিব লাগে যদিও আজিলৈকে সেই ব্যৱস্থা হোৱা নাই আৰু অসম চৰ পৰিষদে সেই দাবী সজোৰে উত্থাপন কৰিব লাগিব। তেওঁ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰক সমালোচনা কৰি কয় যে ভাৰতীয় সংবিধানে ধৰ্মৰ নামত স্বায়ত্তশাসন প্ৰদানৰ বিধান দিয়া নাই বুলি জানিও মুছলমানৰ বাবে স্বায়ত্তশাসন বিচৰাটো অযুক্তিকৰ, অবান্তৰ আখ্যা দিয়ে সাংসদগৰাকীয়ে। তদুপৰি প্ৰয়াত সাংসদ গোলাম ওচমানী, প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ মৃত্যু সংখ্যালঘু তথা চৰাঞ্চলৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে সাংসদ খালেকে। ইফালে অসম চৰ পৰিষদৰ গঠনকৰ্তা জনদৰদী নেতা গোলাম ওচমানীৰ শূন্যস্থান পূৰণ কৰিবলৈ সাংসদ খালেকক আহবান জনায় সভাত উপস্থিত কেইবাজনো ব্যক্তিয়ে। 



উল্লেখ্য যে আজিৰ সভাত সাংসদ আব্দুল খালেকে সংঘাতৰ পৰা চৰৰ বাসিন্দাক সদায় আঁতৰি থাকিবলৈ পৰামৰ্শ দি কেনেদৰে চৰাঞ্চলৰ উন্নয়ন কৰিব পাৰি সেইক্ষেত্ৰত সকলোকে মনোনিৱেশ কৰিবলৈ আহবান জনায়। এনইএফ কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ সভাত সভাপতিত্ব কৰে অসম চৰ পৰিষদৰ সভাপতি নুৰ আলমে। তেখেতে নিজৰ ভাষণত কয় যে চৰাঞ্চলত উন্নত মানৰ চিকিৎসালয়, শিক্ষানুষ্ঠান আৰু খোৱাপানীৰ ব্যৱস্থা কৰিব লাগে। আজিলৈকে কোনো নিৰ্বাচিত চৰকাৰে চৰাঞ্চলক প্ৰাধান্য দিয়া দেখা নগ’ল। সভাত সৰ্বসন্মতিক্ৰমে ডিচেম্বৰৰ অন্তিম সপ্তাহত, অৰ্থাৎ ২৭, ২৮ তাৰিখত অসম চৰ পৰিষদৰ অধিৱেশন অনুষ্ঠিত কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। অধিৱেশনৰ পূৰ্বে জিলা কমিটীসমূহ গঠন কৰিব লাগিব বুলিও অভিমত ব্যক্ত কৰে। তদুপৰি প্ৰাক্তন সাংসদ প্ৰয়াত গোলাম ওচমানীৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ’ব। উল্লেখ্য যে চৰাঞ্চলৰ বাসিন্দাৰ উন্নয়নৰ হকে মাত মাতিবলৈ গোলাম উচমানীৰ অসম চৰ পৰিষদৰ উপৰি অসম চৰ সন্মিলনী নামৰ আন এক সংগঠন আছিল। এই সংগঠনৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছিল নাজিৰ হুছেইন সৰকাৰে। 



আজিৰ সভাত নাজিৰ হুছেইন সৰকাৰেও উপস্থিত থাকে আৰু চৰাঞ্চলৰ বিভিন্ন সমস্যা সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰে। পিছত সাংসদ আব্দুল খালেকৰ আহবান মৰ্মে অসম চৰ পৰিষদত নাজিৰ হুছেইন নেতৃত্বাধীন অসম চৰ সন্মিলনী বিলীন হয়। আজিৰ সভাত এনইএফ ল  কলেজৰ সঞ্চালক ড০ জাকিৰ হুছেইন, ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰ, প্ৰাক্তন এচিএছ বিষয়া এএইচ খন্দকাৰ, আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, অসমীয়া সাহিত্য সন্মিলনীৰ বৰপেটা জিলা সমিতিৰ সভাপতি শ্বেখ ৰহমত উল্লাহ, চৰ-চাপৰি সাহিত্য পৰিষদৰ হালিম খান, গাজি ৰহমান, আব্দুল মজিদ, মৌলানা মুছলিম আলী মাজাহাৰী, বাহাৰুল ইছলাম, ৰুহুল আমিন আহমেদ, মজনুৰ ৰহমান, ডাঃ আব্দুল ৱাহাব, আব্দুল মান্নান, নুৰুল ইছলাম, আব্দুল কালাম আজাদ, মুকাদ্দেজ আলী আহমেদ, কাজি মতিউৰ ৰহমান, চাদুল্লা আহমেদ, মুকুল হাজৰিকা, মিৰ চমেজ উদ্দিন আহমেদ, আব্দুল আজিজ আহমেদ, ইলিয়াছ হুছেইন, ৰফিকুল হাছানকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments