Page Nav

HIDE

আৰক্ষী বিশেষ শাখাৰ যোৰহাট জিলা পৰিদৰ্শক কভিডত মৃত্যু

গণবাৰ্তা বিশেষ, যোৰহাট, ১ অক্টোবৰ : ৰাজ্যত প্ৰতিদিনে কভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও| আজি ...




গণবাৰ্তা বিশেষ, যোৰহাট, ১ অক্টোবৰ : ৰাজ্যত প্ৰতিদিনে কভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও| আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পুৱা অসম আৰক্ষীৰ বিশেষ শাখাৰ যোৰহাট জিলাৰ পৰিদৰ্শক অঞ্জন শইকীয়াৰ কোভিদ-১৯ত আক্ৰান্ত হৈ পুৱা ৫ বাজি ২০ মিনিটত দেহাৱসান ঘটে।তেওঁ এজন সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ লগতে টাই-কোৱান-ডোৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ, সুদক্ষ গীটাৰ বাদক আৰু এজন সুন্দৰ চিত্ৰশিল্পী আছিল। কেইদিনমান পূৰ্বে শইকীয়াৰ দেহত কভিড ১৯ পজিটিভ পোৱা পিছতে তেওক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল| শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি অসম আৰক্ষীৰ বাবে এইয়া এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছে অসম আৰক্ষী উৰ্দ্ধতম কতৃপক্ষই| আনহাতে শইকীয়াৰ মৃত্যুত শোকৰ ছাঁ পৰিছে যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলৰ মাজত|