Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ড্ৰাগছৰ ঘাটিত পৰিনত হৈছে নেকি চিৰাং ! নিচাজাতীয় টেবলেটসহ ৫ যুৱক আটক

সঞ্জয় সৰকাৰ, কাজলগাঁও, ২৮ অক্টোবৰ ঃ যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ অন্যতম কাৰক ড্ৰাগ্‌ছৰ বিৰুদ্ধে সম্প্ৰতি চিৰাং আৰক্ষী তৎপৰ হৈ পৰিছে।...

সঞ্জয় সৰকাৰ, কাজলগাঁও, ২৮ অক্টোবৰ ঃ যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ অন্যতম কাৰক ড্ৰাগ্‌ছৰ বিৰুদ্ধে সম্প্ৰতি চিৰাং আৰক্ষী তৎপৰ হৈ পৰিছে। বিগত এমাহ ধৰি জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় প্ৰতিনিয়ত আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ, হেৰ’ইন তথা নিচাজাতীয় টেবলেট। জিলাখনৰ বিজনী, ঢালিগাঁও, বাসুগাঁও, ৰুণীখাতা, চিদলীকে ধৰি প্ৰায় প্ৰতিখন থানা এলেকাতেই জব্দ হৈছে ড্ৰাগ্‌ছ । বিগত এমাহত গ্ৰেপ্তাৰ হৈছে কুৰিজনতকৈ অধিক ড্ৰাগ্‌ছ ব্যৱসায়ী। ফলত সৰ্বসাধাৰণৰ মাজত প্ৰশ্ন উত্থাপন হৈছে-ক্ৰমাৎ ড্ৰাগ্‌ছৰ ঘাটিত পৰিণত হৈছে নেকি চিৰাং জিলা· চিৰাং জিলা আৰক্ষীৰ শীৰ্ষ সূত্ৰে সদৰী কৰা মতে, বিগত ২৪ ঘণ্টাত জিলাখনৰ পৃথক দুই স্থানত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, ড্ৰাগ্‌ছসহ ৫জনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে। 

চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক সদৰী কৰা মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানকাৰী দলে আজি দিনৰ ১১.৪৫ বজাত বাসুগাঁও চহৰ এলেকাত চলোৱা অভিযানত ড্ৰাগ্‌ছসহ এজন যুৱক আটক হৈছে। আৰক্ষীৰ অভিযানকাৰী দলটোৰ হাতত আটক হোৱা যুৱকজনক আৰক্ষীয়ে বাসুগাঁও থানাৰ অন্তৰ্গত থুৰিবাৰীৰ আব্বাছ মোল্লা সেখৰ পুত্ৰ কৰিম মোল্লা সেখ (৩৩) বুলি চিনাক্ত কৰিছে। ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে ৭টা ডাগ্‌ছভৰ্তি প্লাষ্টিক কণ্টেইনাৰ, ২টা ম’বাইল হেণ্ডছেট, নগদ ১১,১৪০ টকা,  এএছ ১৯এ- ৮৫৪৬ নম্বৰৰ এখন মটৰচাইকেল জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে বাসুগাঁও থানাত এনডিপিএছ আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। 

ইপিনে, বুধবাৰে সন্ধিয়া চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত বেংতলত আৰক্ষীৰ আন এক অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ চাৰিজন যুৱকক আটক কৰিছে । বিশ্বস্ত সূত্ৰৰ খবৰৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা ৰুণীখাতাৰ আৰক্ষী চক্ৰ বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ সহযোগত চলোৱা আৰক্ষীৰ আন এক অভিযানত বেংতল বজাৰৰ পৰা চাৰিজন যুৱকৰ লগতে এএছ ১৯এ-১৫৫৪ পঞ্জীয়ন নম্বৰৰ মাৰুতি ভানখন জব্দ কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে জব্দ কৰা মাৰুতি ভানখনত তালাচী চলাই ২,১৩৬টা নিচাযুক্ত স্পেহেন টেবলেট, এটা ম’বাইল ফোন, নগদ ১,৯০০ ভাৰতীয় টকা আৰু ১৪,৬৩০ ভূটানী টকা উদ্ধাৰ কৰে। লগতে বাহনখনৰ পৰা আৰক্ষীয়ে নিচাযুক্ত টেবলেট সৰবৰাহ কৰাৰ অপৰাধত বাহনখনত থকা ৪ যুৱকক আটক কৰে। 

আৰক্ষীয়ে আটক কৰা ৪ যুৱক হ’ল ক্ৰমে-চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ দাদগিৰি এলেকাৰ বাসিন্দা ৰাজকুমাৰ ৰাইৰ পুত্ৰ সঞ্চয় ৰাই (২২), সুনীল বিশ্বাসৰ পুত্ৰ অমিত বিশ্বাস (১৯),  পূৰ্ণ বাহাদুৰ প্ৰধানৰ পুত্ৰ সঙ্গীত প্ৰধান (২২) আৰু দীননাথ বাছফৰৰ পুত্ৰ কানাইয়া বাছফৰ (১৮) বুলি আৰক্ষীয়ে চিনাক্ত কৰে। আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত ৰুণীখাতা থানাত ২০৭য২০ নম্বৰত  এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও চিৰাং আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ চাপাগুৰি, ছাতিপুৰ, বৈখুনগাঁও, বিলাসপুৰ, কাৱাটিকা, ঢালিগাঁও, বিজনী আদি অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ জব্দ কৰাৰ লগতে কে’বাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

No comments