Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৩০ মাহৰ লক্ষ্য ৰাখি ১৯ মাহতে মুকলি গণেশগুৰি উৰণীয়া সেতু, দক্ষিণ-পূব এছিয়াৰ আকৰ্ষণীয় চহৰ ৰূপে গঢ়ি তোলা হ’ব গুৱাহাটীক : মুখ্যমন্ত্ৰী

মহানগৰ প্ৰতিবেদক, ২২ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠীৰ পুৱাই ৰাইজৰ বাবে মুকলি হ’ল গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেতুখন। দুৰ্গোৎসৱৰ সময়ছোৱাত ৰা...

মহানগৰ প্ৰতিবেদক, ২২ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠীৰ পুৱাই ৰাইজৰ বাবে মুকলি হ’ল গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেতুখন। দুৰ্গোৎসৱৰ সময়ছোৱাত ৰাজ্যবাসীৰ বাবে আনুষ্ঠানিকভাৱে উৰণীয়া সেতুখন মোকলাই দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি উৰণীয়া সেতুৰ তলত আয়োজিত মুকলি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজৰ বাবে উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে আজিৰে পৰা মোকলাই দিয়ে। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰি উপস্থিত থাকে লোকনিৰ্মাণ (পথ) বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন, আইন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, লোকনিৰ্মাণ (ৰাজ্যিক), ৰাজহ (স্বতন্ত্ৰ) বিভাগৰ মন্ত্ৰী যোগেন মোহন, বিধায়ক ৰূপক শৰ্মা, মন্ত্ৰী সঞ্জয় কিষাণকে ধৰি বহুজন উপস্থিত থাকে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজৰ বাবে নৱনিৰ্মিত উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে মুকলি কৰি ভাষণ প্ৰসংগত কয় যে এই উৰণীয়া সেতুখন লোকনিৰ্মাণ বিভাগে মোকলাই দিয়াৰ বাবে ৩০ মাহৰ লক্ষ্য ৰাখিছিল। 

কিন্তু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় বিষয়াসকলৰ অক্লান্ত প্ৰচেষ্টা আৰু উৰণীয়া সেতুখন নিৰ্মাণ কৰা সংস্থাটোৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতেই ১৯ মাহতেই মোকলাই দিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ ৰাইজে নিৰ্ধাৰিত সময়ৰ পূৰ্বে উৰণীয়া সেতুখন লাভ কৰিছে। তদুপৰি তেওঁ কয়, বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰা-ভৈয়ামত হৈ থকা সকলো কাম নিৰ্ধাৰিত সময়তেই সম্পন্ন কৰা হৈছে। সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি সকলো কাৰ্য সময়তে সম্পন্ন কৰা হৈছে। তেওঁ কয়, গুৱাহাটী মহানগৰীক দক্ষিণ-পূব এছিয়াৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তোলা হ’ব। দক্ষিণ-পূব এছিয়াৰ আকৰ্ষণীয় চহৰ ৰূপে গুৱাহাটী মহানগৰীক গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, গুৱাহাটী চহৰৰ ঘৰৰ ৰংসমূহ একে কৰাৰ এক চিন্তা-চৰ্চা চলাই থকা হৈছে। এইক্ষেত্ৰত মহানগৰবাসীৰ সঁহাৰিৰ প্ৰয়োজন হ’ব। তেওঁ কয়, বিদেশৰ চহৰৰ ঘৰৰ ৰংসমূহ এক হোৱাৰ বাবে তালৈ যোৱা পৰ্যটকসকলে সেই চহৰখনৰ দৃশ্যসমূহ সজীৱ হৈ ৰয়। গুৱাহাটী মহানগৰীলৈ অহা পৰ্যটকসকলেও যাতে মনত এটা  স্মৃতি কঢ়িয়াই লৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই চিন্তা-চৰ্চা চলাই থকা হৈছে। আনহাতে আজিৰ অনুষ্ঠানত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মহাষষ্ঠীৰ পৱিত্ৰ দিনত গুৱাহাটীবাসীৰ বাবে উৰণীয়া সেতুখন মোকলাই দিয়া হৈছে। 

ইয়াৰ ফলত মহানগৰীত যান-জঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব। তেওঁ কয়, এই উৰণীয়া সেতুখন আধাৰশিলা স্থাপন আৰু একেখন চৰকাৰেই শুভ উদ্বোধন কৰাটো এক গৌৰৱৰ বিষয়। মুখ্যমন্ত্ৰীয়ে এই উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তেৱেঁই মুকলি কৰিছে। এই উৰণীয়া সেতুখন সম্পূৰ্ণ কৰাৰ বাবে ৩০ মাহৰ লক্ষ্য ৰখা হৈছিল। কিন্তু ১৯ মাহতে মোকলাই দিয়া হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু ১৬খন উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে। গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত নিৰ্মাণ হৈ থকা উৰণীয়া সেতুখন ১ ব’হাগত মোকলই দিয়াৰ লক্ষ্য ৰখা হৈছে। চেৰাবভাটিৰ পৰা আৰ্য কলেজলৈ আৰু এখন উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলঙৰ কাম ৩০ শতাংশ সম্পূৰ্ণ হৈছে। নিৰ্ধাৰিত সময়তেই দলংখন মুকলি কৰা হ’ব। 

চান্দমাৰিৰ পৰা নুনমাটিলৈ দহ শাখাযুক্ত উৰণীয়া সেতুৰ কাম আৰম্ভ কৰা হৈছে। দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীক নতুন মাত্ৰা দিয়াৰ চেষ্টা চলোৱা হৈছে। অহা ডিচেম্বৰ-ফেব্ৰুৱাৰীৰ ভিতৰত ৯খন পদদলং মোকলাই দিয়া হ’ব। শীঘ্ৰে পানী যোগান আঁচনিৰ কামো সম্পূৰ্ণ হ’ব। যোৱা ৪.৫ বছৰত ৰাজ্যত অদ্ভ³ত কাৰ্য কৰা হৈছে। ২ নৱেম্বৰত ১১৯খন চাহ বাগিচাত একোখনকৈ হাই¦³¨ল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। ১৬খন কেন্সাৰ হাস্পতাল নিৰ্মাণৰ কাম চলি আছে। অহা সময়ত গণেশগুৰিৰ পৰা গণেশমন্দিৰলৈ অথবা কাহিলিপাৰালৈ উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব। 

প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাজ্য চৰকাৰে পালন কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে মাজুলীত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। উল্লেখ্য যে ৫৮.৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণীয়া সেতুখনৰ আধাৰশিলা ৬ মাৰ্চত স্থাপন কৰা হৈছিল। বিভিন্ন কাৰণত উৰণীয়া সেতুখনৰ কাম ২০১৯ৰ আগষ্ট মাহৰ পৰাই আৰম্ভ হৈছিল। ৭.৫ মিটাৰ বহল দুই শাখা যুক্ত উৰণীয়া সেতুখন নিৰ্মাণৰ কামৰ দায়িত্বত আছিল গৌতম কনষ্ট্ৰাকচন।  

No comments