Page Nav

HIDE

শাৰদীয় বতৰত উদীয়মান কণ্ঠশল্পী কাশ্মীৰী পাঠকৰ উপহাৰ ‘বাটৰুৱা বতাহে’

উদীয়মান কণ্ঠশিল্পী কাশ্মীৰী পাঠক— অসমত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ এক চিনাকি নাম যদিও সংগীত জগতত এতিয়া খোপনি পুতিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ...


উদীয়মান কণ্ঠশিল্পী কাশ্মীৰী পাঠক— অসমত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ এক চিনাকি নাম যদিও সংগীত জগতত এতিয়া খোপনি পুতিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে কাশ্মীৰীয়ে। সংগীতক আত্মা হিচাপে লৈ আগুৱাই অহা কাশ্মীৰীয়ে এইবেলি শাৰদীয় বতৰত অসমবাসীৰ বাবে লৈ আহিছে উপহাৰ। অসমৰ সেউজীয়া ভূমিৰ কেঁচা মাটিৰ গোন্ধ লৈ ৰোমাণ্টিক শিহৰণ যোগাবলৈ আহি আছে কাশ্মীৰী। কঁহুৱা ফুলা এই বতৰত অসমবাসীৰ বাবে কাশ্মীৰীৰ উপহাৰ ‘বাটৰুৱা বতাহে’। অসমৰ সংগীত জগতৰ বিশিষ্ট সংগীতকাৰ-গীতিকাৰ পলাশ সূৰ্য গগৈৰ কথা-সুৰ-সংগীতেৰে কাশ্মীৰীয়ে অসমবাসীৰ ওচৰলৈ লৈ আহিছে ‘বাটৰুৱা বতাহে’



ইতিমধ্যে গীতটোৰ দৃশ্য গ্ৰহণ চলি আছে, য’ত অভিনয় কৰিছে ‘অহেতুক’ খ্যাত গুঞ্জন ভৰদ্বাজ আৰু লিভা মিছ ইণ্ডিয়া মালেইশ্যা কাশ্যপে। অসমৰ মনোমোহা ঠাইত ইতিমধ্যে দৃশ্য গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত সম্পাদনাৰ মেজত আছে ‘বাটৰুৱা বতাহে’। মুক্তি ক্ষণ গণি থকা গীতটোত নৃত্য পৰিচালনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে। অসমৰ প্ৰতিগৰাকী হৃদয়ৱান মানুহৰ বুকুত শিহৰণ জগাব পৰা গীতটিত গুঞ্জন ভৰদ্বাজ, মালেইশ্যা কাশ্যপৰ লগত অভিনয় কৰিছে কাশ্মীৰী আৰু সৌৰভ হাজৰিকাই। দৃশ্য গ্ৰহণত সহায় কৰিছে অম্লানজ্যোতি ৰাজখোৱাই। এ ভি ৰেড ষ্টুডিঅ’ত গীতটি বাণীবদ্ধ কৰিছে পিংকু দাসে। 



দ্বৈত কণ্ঠৰ এই গীতটিত কাশ্মীৰীৰ সৈতে সহযোগিতা আগবঢ়াইছে নতুন প্ৰজন্মৰ উদীয়মান শিল্পী অনুভৱ দত্তই। উল্লেখ্য যে সৰুৰে পৰাই সংগীতৰ মাজেৰে শ্ৰোতাক প্ৰশান্তি প্ৰদান কৰা গুৱাহাটীৰ দিছপুৰৰ বাসিন্দা কাশ্মীৰী পাঠকৰ সাংস্কৃতিক অনুষ্ঠানত আছে এক বিশেষ নাম। উজনি অসমৰ লগতে নামনি অসমত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত প্ৰায় ব্যস্ত কাশ্মীৰী পাঠক। সততে সাংস্কৃতিক অনুষ্ঠানত কাশ্মীৰীয়ে এইবাৰ দীৰ্ঘদিনৰ বিৰতিৰ অন্তত পুনৰ দৃশ্য-শ্ৰাব্য শিতানত অসমবাসীৰ কাষ চাপিবলৈ ঢাপলি মেলিছে। কাশ্মীৰী পাঠক— যাৰ কণ্ঠত অসমৰ কেঁচা মাটিৰ গোন্ধ, যাৰ কণ্ঠত আছে লুইতৰ ভাটিয়ালী ৰাগ। লোক-সংগীতৰ উপৰি আধুনিক সংগীতত অনন্য পাৰদৰ্শিতা আগবঢ়োৱা কাশ্মীৰীয়ে  শাৰদীয় বতৰত ‘বাটৰুৱা বতাহে’ৰে শ্ৰোতাৰ হৃদয়ত হিল্লোল যোগাবলৈ সাজু হৈ উঠিছে। মাত্ৰ অপেক্ষা ১২ অক্টোবৰলৈ......

[ কাৰিকৰী অসুবিধাৰ বাবে কিছু সময়ৰ কাৰণে ফেচবুকত শ্বেৰ কৰিব নোৱাৰিব  ]