Page Nav

HIDE

মাজুলীৰ আউনীআটী সত্ৰৰ ২১ যোৰা বন্তি প্ৰজ্বলনেৰে কাতি বিহু উদযাপন

আউনীআটী সত্ৰৰ পৰা পৰাণজ্যোতি বৰা, মাজুলী, ১৭ অক্টোবৰ ঃ উলহ-মালহেৰে নদীদ্বীপ মাজুলীতো পৰম্পৰা অনুসৰি গাঁৱৰ লগতে সত্ৰ অনুষ্ঠানসমূহতো কাতি বিহু...

আউনীআটী সত্ৰৰ পৰা পৰাণজ্যোতি বৰা, মাজুলী, ১৭ অক্টোবৰ ঃ উলহ-মালহেৰে নদীদ্বীপ মাজুলীতো পৰম্পৰা অনুসৰি গাঁৱৰ লগতে সত্ৰ অনুষ্ঠানসমূহতো কাতি বিহু উদ্‌যাপন কৰা হয়। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰতো পৰম্পৰাগতভাৱে কাতি বিহু পালন কৰে। এই লৈ সত্ৰখনত উৎসৱমুখৰ পৰিৱেশ। সত্ৰখনত প্ৰতিষ্ঠা কালৰে পৰা ৩৬৭ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱসকলে ২১ যোৰা বন্তি প্ৰজ্বলন কৰি সত্ৰখনৰ বৈষ্ণৱৰ লগতে বিশ্ববাসীৰ সুখ-শান্তিৰ কামনা কৰে। সেই উদ্দেশ্যে কাতি বিহুৰ দিনা পুৱা গোবিন্দ মহাপ্ৰভুৰ ওচৰত পূজা-অৰ্চনাৰ পাছতেই বৰাগী নাম, বৰনাম, ভাগৱত পাঠ, গায়ন-বায়ন, প্ৰসংগ, পালনাম প্ৰসংগ আদি পৰম্পৰাগত নাম-কীৰ্তন অনুষ্ঠিত হয়।

 ইয়াৰ পাছতে বিয়লি ২.৩০ বজাৰ পৰা সত্ৰখনৰ বৈষ্ণৱসকলে হিয়া নাম, দিহা নাম, নটুৱা নৃত্য, ওজাপালিৰে নামঘৰৰ চৌপাশ মুখৰিত কৰি  সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামী ডেকা সত্ৰাধিকাৰৰ লগতে সত্ৰৰ বৈষ্ণৱসকলে জয়ধ্বনি কৰি গায়ন-বায়ন, ঢোল-খোল, শংখ-ঘণ্টা, দবা-কাঁহ বজাই মূল নামঘৰৰ পৰা ওলাই আহি নামঘৰৰ সমীপৰ মুকলি আকাশৰ তলত বিশেষভাৱে বাঁহৰ খুঁটাৰে নিৰ্মাণ কৰা আকাশবন্তি থলীত প্ৰৱেশ কৰে। উক্ত স্থানত সত্ৰখনৰ বৰপূজাৰীয়ে তুলসী পূজাৰ মন্ত্ৰ উচ্চাৰণৰ লগে লগে সত্ৰাধিকাৰ সহিতে বৈষ্ণৱসকলে আকাশবন্তিৰ থলীত উঠা নাম পৰিৱেশন কৰি চৌপাশ মুখৰিত কৰি চাৰিপাক পৰিক্ৰমা কৰি সেৱা জনাই সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী সহিতে সত্ৰখনৰ মুখিয়াল সকলে একোগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ পাছতেই ৰছীৰ সহায়ত ৩০ ফুট ওপৰলৈ তুলি দিয়ে। লগে লগে ২১ গছি বন্তিৰ পোহৰেৰে আলোকিত হৈ পৰে আকাশ। বিশ্বাস আছে যে এই প্ৰজ্বলিত বন্তিৰে পূৰ্বপুৰুষসকলক উদ্ধাৰ কৰে।

 বন্তি প্ৰজ্বলন কৰি সত্ৰাধিকাৰগৰাকীয়ে সাংবাদিকক কয়- এই বন্তি প্ৰজ্বলনৰ যোগেদি সকলোৰে মাজলৈ শান্তি-সম্প্ৰীতি কঢ়িয়াই অনাৰ লগতে মাজুলীৰ শাৰদীয় উৎসৱ, ৰাস, পালনামৰ শুভাৰম্ভণি হ’ল বুলি উল্লেখ কৰে। ইয়াৰ পাছতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱসকল নামঘৰত প্ৰৱেশ কৰি গোবিন্দ মহাপ্ৰভুৰ চৰণত সেৱা জনাই অনুষ্ঠানৰ সামৰণি মাৰে। উক্ত দৃশ্য উপভোগ কৰিবলৈ স্থানীয় অঞ্চলৰ লোকেও অংশ গ্ৰহণ কৰা দেখা গ’ল।