Page Nav

HIDE

অৰুনাচলৰ টিৰাপ জিলাত অসম ৰাইফলছ আৰু এন এছ চি এনৰ মাজত প্ৰচণ্ড গুলিয়াগুলী ; থিতাতে নিহত এজন এন এছ চি এন কেডাৰ

গণ বার্তা, লেখাপানী, ১৭  অক্টোবৰ :  বৰ্তমানেও অব্যাহত আছে উগ্ৰপন্থীৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ  অভিযান । অৰুনাচল প্ৰদেশৰ টিৰাপ জ...


গণ বার্তা, লেখাপানী, ১৭  অক্টোবৰ :  বৰ্তমানেও অব্যাহত আছে উগ্ৰপন্থীৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ  অভিযান । অৰুনাচল প্ৰদেশৰ টিৰাপ জিলাৰ অন্তৰ্গত ৱাংচুৰ চেংককৰ ঘন অৰন্যত   আজি পুৱতি নিশা প্ৰায় ৩ মান বজাত ৬ নং অসম ৰাইফলছ আৰু এন এছ চি এন ( কে) গোটৰ মাজত ভয়ঙ্কৰ গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ গোপন সুত্ৰে পম খেদি ৬ নং অসম ৰাইফলছৰ এটা বৃহৎ দলে ঘন অৰন্যত অভিযান চলাই এজন এন এছ চি এন ( কে) গোটৰ দুধৰ্ষ কেডাৰক গুলিয়াই হত্যা কৰে ৷ মৃত কেডাৰ জনৰ নাম গানজন ৱাংছা বুলি জানিব পৰা গৈছে ৷ কেডাৰ গৰাকীৰ পৰা সেনাই এটা পিষ্টল সহ বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে ৷ বৰ্তমান সমগ্ৰ অঞ্চলটোত ভাৰতীয় সেনা আৰু অৰুণাচল আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে কটকটীয়া অভিযান অব্যাহত আছে । ( লেখাপানীৰ পৰা শৰৎ গগৈ )