Page Nav

HIDE

চাৰিখন বিশ্ববিদ্যালয়ক ১২ বিভাগৰ নিযুক্তি পৰীŽক্ষাৰ দায়িত্ব : গুৱাহাটী বিশ্ববিদ্যালয়ক পাঁচটা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ক চাৰিটা, অসম বিশ্ববিদ্যালয়ক দুটা, তেজপুৰ বিশ্ববিদ্যালয়ক এটা বিভাগ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ অক্টোবৰ ঃ এছ আই পৰীক্ষাকে আদি কৰি ৰাজ্যৰ বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰীৰ বাবে ৰাজ্য চৰক...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ অক্টোবৰ ঃ এছ আই পৰীক্ষাকে আদি কৰি ৰাজ্যৰ বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰীৰ বাবে ৰাজ্য চৰকাৰে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কালি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৰাজ্যৰ বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষাৰ দায়িত্ব বিশ্ববিদ্যালয়সমূহক অৰ্পণ কৰাৰ কথা উল্লেখ কৰিছিল। উল্লেখ্য যে নিযুুক্তি পৰীক্ষাসমূহত হৈ থকা খাম-খেয়ালিৰ বাবে ৫ অক্টোবৰত মুখ্য সচিবৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত বিভিন্ন বেকলিষ্টেড কোম্পানীক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া সন্দৰ্ভত সৰৱ আলোচনা হোৱাৰ উপৰি এনে কোম্পানীয়ে বিভিন্ন জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছিল।

 এনে অভিযোগৰ পৰা মুক্ত হোৱাৰ বাবে ৰাজ্য চৰকাৰে অসমৰ বিশ্ববিদ্যালয়সমূহক নিযুক্তি পৰীক্ষাৰ দায়িত্ব  অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ মুখ্য সচিবে অসমৰ চাৰিখন বিশ্ববিদ্যালয়ক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ক আৰক্ষী, হোমগাৰ্ড, কাৰাগাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰাৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ক উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, পৰিবহণ, আবকাৰী, বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আনহাতে অসম বিশ্ববিদ্যালয়ক সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ পৰীক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ বিপৰীতে তেজপুৰ বিশ্ববিদ্যালয়ক জলসিঞ্চন বিভাগৰ দায়িত্ব দিয়া হৈছে।