Page Nav

HIDE

যোৰহাটৰ জে বি হোণ্ডা ডিলাৰত তলা লগালে : আছুৱে

ষ্টাফ ৰিপৰ্টাৰ,যোৰহাট  :  যোৰহাটৰ জে বি হোণ্ডা দুচকীয়া বাহনৰ ডিলাৰত আজি তলা লগালে  যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই । উল্লেখ্য যে  দুচকীয়া যান-বা...


ষ্টাফ ৰিপৰ্টাৰ,যোৰহাট  :  যোৰহাটৰ জে বি হোণ্ডা দুচকীয়া বাহনৰ ডিলাৰত আজি তলা লগালে  যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই । উল্লেখ্য যে  দুচকীয়া যান-বাহনৰ পঞ্জীয়নৰ নামত লাখ-লাখ টকা আত্মসাতেৰে গ্ৰাহকক ডিলাৰটোৱে চূড়ান্ত প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছু কৰ্মীৰ। যাৰ প্ৰতিবাদত বুধবাৰে ডিলাৰটোৰ সকলো কাম-কাজ স্হগিত ৰাখি তলা ওলমালে যোৰহাট আঞ্চলিক ছাত্ৰ সন্হাৰ বিষয়ববীয়াই। আনহাতে ডিলাৰটোৰ পৰা বাহন ক্ৰয় কৰি বহু গ্ৰাহকে দুই -এবছৰে বাহনৰ আৰ চি  লাভ নকৰাৰ লগতে কেইবাখনো বাহনত নিজৰ পৰিৱৰ্তে অন্য লোকৰ বাহনৰ  নম্বৰ সংযোগ কৰি দিয়াৰো অভিযোগ উথাপিত কৰিছে ভুক্তভোগী গ্ৰাহকে। অৰ্ধশতাধিক আছু কৰ্মীয়ে উত্তাল কৰি তোলা প্ৰতিবাদ স্হলীত জিলা প্ৰশাসনৰ ব্যক্তি উপস্হিত হৈ  ডিলাৰটোৰ বিৰুদ্ধে বিহীত ব্যৱস্হা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।  ডিলাৰ কৰ্তৃপক্ষই ভুক্তভোগী গ্ৰাহকক উচিত ক্ষতিপূৰণ যদি  নিদিয়ে তেন্তে অনাগত দিনত ভয়াৱহ পৰিস্হিতিৰ সৃষ্টি কৰাৰো হুংকাৰ দিয়ে আছু কৰ্মীয়ে । আনহাতে ডিলাৰটোৰ পৰা বাহন ক্ৰয় কৰি বিপদত পৰা কেইবাগৰাকী গ্ৰাহকে ইতিমধ্যে ডিলাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে  গোচৰ তৰিছে ।  ( যোৰহাট , ১৪ অক্টোবৰ )