Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পঞ্চায়তৰ সভাপতি দুৰ্লভ চেতিয়াক ৰাজহুৱা সম্বৰ্ধনা

যোৰহাট, ২৮ অক্টোবৰ :  যোৰহাট জিলাৰ হাতীগড় মৌজাৰ  বৰখাত বামুণ গাঁৱৰ  বালিচাপৰি ব্ৰাহ্মণ  মিলন মন্দিৰৰ  দুৰ্গাপূজা  উদযাপনৰ লগত সংগতি ৰাখি  ২৬...



যোৰহাট, ২৮ অক্টোবৰ :  যোৰহাট জিলাৰ হাতীগড় মৌজাৰ  বৰখাত বামুণ গাঁৱৰ  বালিচাপৰি ব্ৰাহ্মণ  মিলন মন্দিৰৰ  দুৰ্গাপূজা  উদযাপনৰ লগত সংগতি ৰাখি  ২৬ অক্টোবৰৰ অষ্টমীৰ দিনা এক সম্বৰ্ধনা অনুষ্ঠান হয় ।  অবসৰপ্ৰাপ্ত শিক্ষক বদন শৰ্মাৰ  সভাপতিত্বত  অনুষ্ঠিত  অনুষ্ঠানত যুৱ কৰ্মী তথা পঞ্চায়তৰ সভাপতি দুৰ্লভ চেতিয়াক ৰাজহুৱা সম্বৰ্ধনা জনায়। উল্লেখ্য  যুৱকৰ্মীজনে  ২৮ নং মেলেং বালিচাপৰি গাঁও পঞ্চায়তৰ  সভাপতি হিচাপে কার্য পৰিচালনা  কৰি আছে।অনুষ্ঠানত ডা :  মণিকুণ্টল  শৰ্মাকো সম্বৰ্ধনা জনায়।  ক'ভিড প্ৰটকল ৰক্ষা  কৰি অনুষ্ঠিত সভাখনিৰ আঁত ধৰে পূজা সমিতিৰ সভাপতি  থুলেন শৰ্মাই আৰু  উদ্দেশ্য ব্যাখ্যা কৰে অৱসৰপ্ৰাপ্ত শিক্ষক  অজিত  শৰ্মাই  ।

No comments