Page Nav

HIDE

যোৰহাট জাতীয় বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১৫ অক্টোবৰ :   ডেম্বী কুসুম বড়ি প্ৰকল্প,  যোৰহাট  গড়মূৰস্থিত  জাতীয় বিদ্যালয়ৰ ২, নং চৌহদত বুধবাৰে  কেন্দ্ৰীয় ভাবে প...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১৫ অক্টোবৰ :   ডেম্বী কুসুম বড়ি প্ৰকল্প,  যোৰহাট  গড়মূৰস্থিত  জাতীয় বিদ্যালয়ৰ ২, নং চৌহদত বুধবাৰে  কেন্দ্ৰীয় ভাবে পালন কৰা হয় প্ৰয়াত ডেম্বী কুসুম বড়িৰ ২৩ তম মৃত্যুৰ বাৰ্ষিকী ।  মৃত্যু বাৰ্ষিকী অনুষ্ঠানটোত  মহান ব্যক্তিজনলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । তেখেতৰ ভতিজাক কমল বড়িয়ে বন্তি প্ৰজলনেৰে আৰাম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ সভাখন ত সভাপতি যোগানন্দ বৰা আৰু শৈক্ষিক সদস্য ড0 দেৱব্ৰত শৰ্মাই চৌহদতো আগবঢ়োৱাৰ ক্ষেত্ৰত তেখেতৰ পৰিয়ালকে আদি কৰি যোৰহাটৰ মিচিং কেবাঙৰ তৰাচন পেগু আৰু প্ৰয়াত নৰেন দলেৰ নাম লয় । উক্ত সভাত আটাইকেইটা চৌহদৰ উন্নতিৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয় । উক্ত অনুষ্ঠানত বিদ্যালয় খনৰ অধ্যক্ষা সান্তনা শৰ্মাই  এই বিদ্যালয়ৰ খনৰ আৰম্ভনি কিছু কথা ৰোমন্থন কৰি বক্তব্য আগবঢ়াই । আৰু আৰাম্ভনিতে অৱদান আগবঢ়োৱা শিক্ষক - শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জনায় । লগতে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়োৱা  যোৰহাটৰ সুধিৰ সমাজকো শলাগ লয় । উক্ত অনুষ্ঠানত জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সহযোগীসকলেও অংশগ্ৰহণ কৰে । আৰু সকলোৱে প্ৰয়াত ব্যক্তি জনৰ প্ৰতিচ্ছবিত ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।