Page Nav

HIDE

আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট কৰি গ্ৰেপ্তাৰ বিজেপিৰ পালি নেতা দুল্লৰ্ভ নাথ

  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ অক্টোবৰ ঃ আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট কৰি এইবাৰ ৰঙাঘৰৰ আলহী হ’ল বিজেপি আইটি চেলৰ...

 

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ অক্টোবৰ ঃ আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট কৰি এইবাৰ ৰঙাঘৰৰ আলহী হ’ল বিজেপি আইটি চেলৰ পালিনেতা দুৰ্লভ নাথ। বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিবলৈ অহৰহ চেষ্টা চলাই থকা বিজেপিৰ আই টি চেলৰ পালিনেতা দুৰ্লভ নাথৰ বেয়া দিন যেন আৰম্ভ হৈছে। চৰকাৰৰ কথা-বতৰাক সমালোচনা কৰিলেই নানা অপবাদেৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা দুৰ্লভ নাথক মঙলবাৰে গ্ৰেপ্তাৰ কৰে লখিমপুৰ আৰক্ষীয়ে। অসমৰ এটা বিশেষ সম্প্ৰদায়ৰ সৈতে আহোমসকলক তুলনা কৰি ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰিছিল দুৰ্লভ নাথে। আহোম সম্প্ৰদায়ক এনেদৰে ৰাজহুৱাকৈ তুচ্ছ-তাচ্ছিল্য কৰাত দুৰ্লভৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল তাই আহোম যুৱ পৰিষদে।

 আৰক্ষীয়ে নিশাৰ ভাগত দুৰ্লভক বিচাৰি তেওঁৰ বাসগৃহত অভিযান চলাইছিল। কিন্তু আৰক্ষীয়ে কোনোধৰণৰ শুংসূত্ৰ লাভ কৰা নাছিল। গ্ৰেপ্তাৰৰ ভয়ত পিছত নিশাৰ ভাগতেই এইগৰাকী বিজেপিৰ পালিনেতাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। বৰ্তমান লখিমপুৰ আৰক্ষীয়ে সোধা-পোছা কৰি আছে দুৰ্লভ নাথক। উল্লেখ্য যে এইগৰাকী বিজেপিৰ পালিনেতাই বিগত সময়তো ঠিকা প্ৰদানৰ নামত ধন সংগ্ৰহ কৰিছিল। 

বিজেপিৰ পালিনেতাগৰাকীৰ কুকীৰ্তি বিগত সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। কিন্তু একমাত্ৰ বিজেপিৰ পালিনেতা হোৱাৰ বাবেই সকলো ক্ষেত্ৰতেই সুৰক্ষিত হৈ আছে। ইপিনে  জানিব পৰা মতে দুৰ্লভক মুকলি কৰি দিবলৈ এতিয়া বিজেপিৰ একাংশ নেতাই হেঁচা প্ৰয়োগ কৰিছে লখিমপুৰ আৰক্ষীক। ইয়াৰ পূৰ্বে গৰ্গ চেটাৰ্জী নামৰ এজন লোকে আহোমসকলক তুচ্ছ-তাচ্ছিল্য কৰি মন্তব্য কৰিছিল ছ’চিয়েল মিডিয়াত।