মিলান , ১ অক্টোবৰ ঃ কোৰোনা মহামাৰীৰ মাজত অনুষ্ঠিত হৈ থকা ফুটবল টুৰ্ণামেণ্ট ইটালীয়ান চিৰি এত ইন...
মিলান, ১ অক্টোবৰ ঃ কোৰোনা মহামাৰীৰ মাজত অনুষ্ঠিত হৈ থকা ফুটবল টুৰ্ণামেণ্ট ইটালীয়ান চিৰি এত ইন্টাৰ মিলানে জয় লাভ কৰিছে। আজি অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টত ইন্টাৰ মিলানৰে মুখামুখি হৈছিল বেনেভেণ্ট। য’ত ইন্টাৰ মিলানে প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে মেচখনত ৫-২ গ’লৰ ব্যৱধানত জয় লাভ কৰে। ইন্টাৰ মিলানৰ হৈ ৰমেলো লোকাকুৱে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰে। মেচ আৰম্ভণিৰ প্ৰথম মিনিটতে তেওঁ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে দলৰ হৈ প্ৰথমটো গ’ল দিয়ে। ইয়াৰ পিছত প্ৰথম অৰ্ধৰ ২৮ মিনিটত পুনৰ এটা গ’ল দিয়ে। ২৮ মিনিটত তেওঁ দলটোৰ হৈ তৃতীয়টো গ’ল দিয়ে। এইবাৰৰ এই ফুটবল টুৰ্ণামেণ্টৰ দুখন মেচত তেওঁ তিনিটা গ’ল দিছে। মেচখনত ইন্টাৰ মিলানৰ হৈ দ্বিতীয়টো গ’ল দিয়ে গাগলীৰদিনীয়ে। তেওঁ দলটোৰ হৈ ২৫ মিনিটত গ’লটো দিয়ে। আনহাতে হাকিমিয়ে দলটোৰ হৈ ৪২ মিনিটত চতুৰ্থটো গ’ল দিয়াৰ বিপৰীতে মাৰ্টিনেজে ৭১ মিনিটত ইন্টাৰ মিলানৰ হৈ পঞ্চমটো গ’ল দিয়ে। আনহাতে বেনেভেণ্টে মেচখনত ইন্টাৰ মিলানৰ বিৰুদ্ধে প্ৰথমটো গ’ল ৩৪ মিনিটত দিয়াৰ বিপৰীতে দ্বিতীয়টো ৭৬ মিনিট দিয়ে। এই দুয়োটা গ’ল চাপৰাৰিয়ে দিয়ে। কিন্তু তেওঁৰ এই দুয়োটা গ’লেও দলটোক ইন্টাৰ মিলানৰ হাতত পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰে।
No comments