Page Nav

HIDE

বড়ো চুক্তি ৰূপায়নৰ বাবে বিজেপি সংকল্পবদ্ধ ঃ বড়ো জনগোষ্ঠীৰ সাত শতাধিক নেতাৰ আজি বিজেপিত যোগদান

  গুৱাহাটী, ৯ অক্টোবৰ ঃ বিজেপিৰ মূল্যবোধ, নীতি-আদৰ্শ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত সৰ্বস্পৰ্শী ৰাজ্য চৰকাৰখনৰ কাম-কাজ...

 

গুৱাহাটী, ৯ অক্টোবৰ ঃ বিজেপিৰ মূল্যবোধ, নীতি-আদৰ্শ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত সৰ্বস্পৰ্শী ৰাজ্য চৰকাৰখনৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ আজি ইউনাইটেড বড়ো পিপুল্‌ছ অৰ্গেনাইজেচনৰ ৰাজ্যিক বিষয়ববীয়া আৰু ২১খন জিলাৰ সভাপতিৰ লগতে বি পি এফ দলৰ মুঠ ৭ শতাধিক বড়ো জনগোষ্ঠীৰ লোকে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। আজি যোগদান কৰাসকলৰ ভিতৰত ইউবিপিঅ’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰী, সাধাৰণ সম্পাদক অনিল বসুমতাৰী, উপ-সভাপতি গম্বৰু মুছাহাৰী, বিটিচিৰ প্ৰাক্তন এমচিএলএ তথা বিপিএফৰ কেন্দ্ৰীয় প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য ৰতিম বড়ো, বিটিচিৰ প্ৰাক্তন এমচিএলএ দণ্ডী ৰাভা, ভেৰগাঁও জিলাৰ সম্পাদক জৌচৰাং বড়ো অন্যতম। 

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই নতুনকৈ যোগদান কৰা কাৰ্যকৰ্তাসকলক আদৰণি জনায় আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ কাৰণে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অসমৰ ভূমিপুত্ৰসকলৰ যোগদানে ৰাজ্যিক বিজেপিক অন্যতম পূৰ্ণতা প্ৰদান কৰিলে বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে এয়া অকল বিজেপিৰ বাবে নহয়, সমগ্ৰ দেশৰ বাবেও উল্লেখযোগ্য বিষয়। তেওঁ কয় যে জাতি-জনগোষ্ঠীৰ বিকাশ অবিহনে ৰাষ্ট্ৰৰ বিকাশো সম্ভৱ নহয়। সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও এইক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। বড়ো জনগোষ্ঠীৰ লোকসকলে বিজেপিৰ হৈ কাম কৰাৰ সুযোগ পোৱা নাছিল বুলি প্ৰকাশ কৰি দাস ডাঙৰীয়াই কয় যে আজিৰ যোগদানে এইক্ষেত্ৰত সকলো বাধা দূৰ কৰি ৰাজ্যৰ বিকাশৰ পথ প্ৰশস্ত কৰিলে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা প্ৰচেষ্টাৰ তেওঁ শলাগ লয়। তেও কয় যে আমি সকলো ভাৰতীয় সত্তাৰে ৰাষ্ট্ৰীয়তাবাদক অগ্ৰাধিকাৰ দি সমাজ গঠনৰ কামত মনোনিৱেশ কৰিব লাগিব। নতুনকৈ যোগদান কৰা কাৰ্যকৰ্তাসকলক আদৰণি জনাই নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভূমিপুত্ৰ বড়োসকলে বিজেপিত যোগদান কৰাৰ ফলত দলটোৰ সংগঠন আৰু অধিক সক্ৰিয় হৈ পৰিল আৰু একত্ৰিত হৈ কাম কৰাৰ বৃহৎ মঞ্চ গঢ় লৈ উঠিল। 

তেওঁ কয় যে অন্ত্যোদয়া আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ মহামন্ত্ৰৰে দীক্ষিত বিজেপি দলে খিলঞ্জীয়াৰ জাতিসত্তাৰ ৰক্ষণাবেক্ষণ, সাংস্কৃতিক উত্তৰণৰ বাবে সদায় কাম কৰি আহিছে। তেওঁ কয় যে নতুন বড়ো চুক্তিয়েই কেৱল বিটিআৰৰ ভিতৰতে নহয়, বাহিৰত থকা বড়োসকলৰ ৰাজনৈতিক অধিকাৰো সুৰক্ষিত কৰিলে, যিটো নজিৰবিহীন ঘটনা। ইয়াৰ ফলত বড়ো জনগোষ্ঠীয় ৰাইজৰ বিজেপিৰ প্ৰতি আস্থা বৃদ্ধি হৈছে বুলি দৃঢ়তা প্ৰকাশ কৰি শমাই কয় যে যোৱা প্ৰায় ৫টা বছৰৰ ইতিহাসত ৰাজ্যৰ জাতি-মাটি-ভেটি দখলৰ সেয়া আছিল সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত। বড়ো চুক্তি ৰূপায়ণৰ বাবে বিজেপি সংকল্পবদ্ধ বুলি উল্লেখ কৰি তেওঁ কয় যে অসমক শক্তিশালী ৰাজনৈতিক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব লাগিব। ভাষণ প্ৰসংগত শৰ্মাই শেহতীয়াকৈ বড়ো ভাষাক অসমৰ সহযোগী ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা আৰু বডে-া কছাৰী স্বায়ত্তশাসিত পৰিষদ নিৰ্মাণৰ বিষয়ৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। শৰ্মাই নতুনকৈ যোগদান কৰা কাৰ্যকৰ্তাসকলক ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজলৈ বিজেপিৰ নেতৃত্বক আগুৱাই লৈ যোৱাৰ এই পৰিক্ৰমাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

 অনুষ্ঠানত বক্তব্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন কাৰ্যকৰ্তাসকলক সম্ভাষণ জনায় আৰু কয় যে বৰাক-ব্ৰহ্মপুত্ৰৰ অবিচ্ছেদ্য অংগ অসমৰ অন্যতম যুঁজাৰু জনগোষ্ঠী ভূমিপুত্ৰ বড়োসকলৰ বিজেপিত যোগদান কৰাৰ সিদ্ধান্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস— এই নীতিক বাস্তৱত প্ৰতিফলিত কৰিলে। বৰ্তমানৰ সংবেদনশীল ৰাজ্য চৰকাৰখনে সকলোৰে প্ৰতি সমদৃষ্টি নীতি অনুসৰণ কৰি জাতি নিৰ্মাণত ব্ৰতী হৈছে বুলি উল্লেখ কৰি সোণোৱাল ডাঙৰীয়াই কয় যে ভাৰতৰ বুকুত অসমৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হ’ব লাগিব। 

অসমত এতিয়াও মোগলৰ আক্ৰমণ অব্যাহত আছে বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে এই আক্ৰমণ ৰুধিবলৈ বিজেপিয়েই একমাত্ৰ বিকল্প। ৰাজ্যিক উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই আঁত ধৰা উক্ত অনুষ্ঠানটোত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাষ্ট্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক তথা প্ৰাক্তন সাংসদ ৰমেন ডেকা, ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাস, ৰাজি ্যক উপ-সভানেত্ৰী বিজুলী কলিতা মেধি, জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি হৰেন দেউৰীৰ লগতে ৰাজ্যিক বিষয়ববীয়া আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

[ কাৰিকৰী অসুবিধাৰ বাবে কিছু সময়ৰ কাৰণে ফেচবুকত শ্বেৰ কৰিব নোৱাৰিব  ]