Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভা ; গৰীয়া -মৰীয়াৰ শীঘ্ৰে জৰীপ কৰাৰ দাবী

গণ বার্তা, যোৰহাট , ২৯ অক্টোবৰ : উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ যোৱা ২৫ অক্টোবৰত চেন্ট্ৰেল ক্লাৱত মহানগৰ মহিলা পৰিষদৰ এখনি...


গণ বার্তা, যোৰহাট , ২৯ অক্টোবৰ : উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ যোৱা ২৫ অক্টোবৰত চেন্ট্ৰেল ক্লাৱত মহানগৰ মহিলা পৰিষদৰ এখনি সভা অনুষ্ঠিত হয়।জিলাৰ সভাপতি মুকিবুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত যোৰহাট জিলাৰ কল্যাণ পৰিষদৰ  সম্পাদক ৰফিক হুছেইনে  দীৰ্ঘদিন দাবী জনাই অহাৰ পাছতো গৰীয়া-মৰীয়াৰ  উন্নয়ন পৰিষদ আৰু গৰীয়া - মৰীয়াৰ জৰীপ  বৰ্তমান বিজেপি চৰকাৰে কাৰ্য্যকৰী নকৰাত ক্ষোভ প্ৰকাশ কৰি কয় যে  অামাৰ দাবী  ন্যায্য  গতিকে শীঘ্ৰে এই দাবী পুৰণ কৰিবলৈ অনুৰোধ জনায়।।সভাত যুব সাংবাদিক নেকিব অাহমেদেও বক্তব্য প্ৰদান কৰে।কল্যাণ পৰিষদৰ জেষ্ঠ্য নেত্ৰী  চৰিফুননিছাক  সভাপতি,বিজুলী হুছেইন অাৰু ৰাবিয়া ৰহমানক যুটীয়া  সম্পাদক ,নৌচিন ৰহমান,অাচমা বেগমক উপ সভাপতি হিচাবে লৈ যোৰহাট মহানগৰ মহিলা পৰিষদৰ তদৰ্থ  সমিতি গঠন কৰা হয়।  জিলা কাৰ্য্যনিবাহক সদস্য হাইদৰ শইকীয়াৰ লগতে কেইবাজনো সদস্য উপস্থিত থকা সভাখনত বিগত সময়ছোৱাত সংগঠনৰ সাংগঠনিক কাম-কাজত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কেইবাগৰাকীও সদস্যক  সন্মান জনোৱা হয়।

No comments