Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সংবাদ মেলৰ বাবে মাতি নি বিজেপিৰে স্বয়ম্ভূ সাংবাদিকৰ দ্বাৰা আক্ৰমণ সাংবাদিকক

আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী চকী ঘেৰাও  সাংবাদকৰ  গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৯ অক্টোবৰ ৰাজ্যৰ বিভিন্ন ঠাইত সাংবাদিক নিগ্ৰহৰ ঘটনা চলি...

আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী চকী ঘেৰাও  সাংবাদকৰ 

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৯ অক্টোবৰ ৰাজ্যৰ বিভিন্ন ঠাইত সাংবাদিক নিগ্ৰহৰ ঘটনা চলি থকাৰ সময়তে ডিব্ৰুগড়তো সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হ'ল। নিউজ লাইভৰ ডিব্ৰুগড়ৰ ভিডিঅ সাংবাদিক তাহিৰ হুছেইনক গুৰুতৰ ভাবে আক্ৰমণৰ বলি কৰা  ঘটনাই  ডিব্ৰুগড়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে।ৰাজ্যিক বিজেপিৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ' বলগীয়া কাৰ্যনিৰ্বাহক সভাৰ বাবে বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যলয়ত অনুষ্ঠিত কৰিছিল এক সংবাদ মেল।সংবাদ মেলৰ বাতৰি সংগ্ৰহ কৰি ওলাই অহাৰ সময়তে নিউজ ১৮ৰ কেমেৰা সাংবাদিক দীনেশ দাসৰ স' তে প্ৰথমে তৰ্কবাদ আৰু পৰৱৰ্তী সময়ত তেওঁৰ কেমেৰা সহ বেগপেক গুৰিয়াই দিয়ে মৃদুল হাজৰিকা নামৰ নিউজ-২৪ নামৰ এটা পৰ্টেল চেনেলৰ স্বয়ম্ভূ সাংবাদিক মৃদুল হাজৰিকাই।

পৰৱৰ্তী সময়ত নিউজ লাইভৰ জেষ্ঠ সাংবাদিক সুৰজ দত্ত আৰু কেমেৰা সাংবাদিক তাহিৰ হুছেইনক আক্ৰমণ কৰে। জানিব পৰা মতে, মৃদুল হাজৰিকা অবৈধ পলস খননৰ  স'তে দীৰ্ঘদিন জড়িত হৈ আছিল আৰু তেওঁ এজন বিজেপিৰ সদস্য।বিজেপিৰ সংবাদ মেললৈ গৈ বিজেপি সদস্যৰ দ্বাৰাই সাংবাদিক আক্ৰমণ কৰা  ঘটনাই ডিব্ৰুগড়ত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । উল্লেখ্য যে, ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে সয়ম্ভূ সাংবাদিক মৃদুল হাজৰিকা।আনহাতে সাংবাদিক আক্ৰমণকাৰী মৃদুল হাজৰিকাক শীৰ্ঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আমোলাপট্টী আৰক্ষী চকী ঘেৰাও কৰি সাংবাদিক সকলে পৰিবেশ উত্তাল কৰি তোলে।

সাংবাদিক আক্ৰমণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি আৰু ডিব্ৰুগড়ৰ একাংশ সয়ম্ভূ পৰ্টেলৰ সাংবাদিকক নাকী লগোৱাৰ বাবে দাবী উত্থাপন কৰিছে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তী,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, ডিব্ৰুগড় জিলা সাংবাদিক সন্হাৰ সভাপতি মনজিৎ বৰা,ডিব্ৰুগড় ইলেকট্ৰনিক মিডিয়া ফৰামৰ সভাপতি অনিল পোদ্দাৰে ।লগতে বাৰ্তা জীৱি সংঘৰ সভাপতি দ্বীপজয় শইকীয়া ,সাংবাদিক সুৰক্ষা মঞ্চৰ জ্যোতিষ পাতিৰ আদিয়েও তীব্ৰ গৰিহণা দি আক্ৰমণ কাৰীক গ্ৰেপ্তাৰ দাবী জনাইছে।

No comments