Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নীলবাগানত এজেপিৰ যোগদান সমাৰোহ, বদৰুদ্দিন আজমল বিজেপিৰ ব্ৰেণ্ড এম্বেচেডৰ ঃ জগদীশ ভূঞা

ছাদিকুজ জামান, মোৰাঝাৰ, ২৮ অক্টোবৰ ঃ আজি হোজাই জিলাৰ নীলবাগানত নৱগঠিত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ অনুষ্ঠিত হয়। জিলাখনত দলটোৰ সাংগঠনিক দিশ...

ছাদিকুজ জামান, মোৰাঝাৰ, ২৮ অক্টোবৰ ঃ আজি হোজাই জিলাৰ নীলবাগানত নৱগঠিত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ অনুষ্ঠিত হয়। জিলাখনত দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰি তুলিবলৈ ৭জনীয়া আহ্বায়ক সমিতি গঠন কৰা হয়। অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিজেপি দলৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে বদৰুদ্দিন আজমল বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয,þ আমি হোজাইবাসীয়ে অসমীয়া হিচাপে জীয়াই থাকিব লাগিব, এইখন হোজাই, এইখন অসম শিলাদিত্য বা আজমলৰ নহয়। তেওঁলোকক উৎখাত কৰিবলৈ আজমলৰ বৰঘৰত এনেদৰে কয়।

 আজিৰ যোগদান অনুষ্ঠানত হোজাই জিলাৰ তিনিটা সমষ্টিৰ প্ৰায় ১,৫০০ সদস্যই বিভিন্ন দলৰ পৰা আহি এজেপিত যোগদান কৰে। পৰিৱৰ্তনৰ শ্ল’গানেৰে গাদী দখল কৰা বিজেপিয়ে কেৱল মাত্ৰ হিন্দু-মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি কয়। আজিৰ সভাত হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ কমিটীসমূহ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।  জগদীশ ভূঞা, অদীপ ফুকন, চিত্ত বসুমতাৰী, লুচি নেওগ, শিৱৰাম মৰান আৰু জিয়াউৰ ৰহমানৰ উপস্থিতিত সভাত সভাপতিত্ব কৰে বেণুমাধৱ ঘোসে।

No comments