Page Nav

HIDE

চূড়ান্ত এন আৰ চিৰ পৰা কৰ্তন হ’ব লক্ষাধিকৰ নামঃঅযোগ্য লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ এনআৰচিৰ সমন্বয়কৰ পত্ৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ অক্টোবৰ ঃ অসম আৰু অসমীয়া জাতিৰ দলিলস্বৰূপ চূড়ান্ত এনআৰচি প্ৰকাশ পোৱাৰ আজি এবছৰ উকলি যোৱাৰ পিছতো আৰম্ভ হোৱা নাই...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ অক্টোবৰ ঃ অসম আৰু অসমীয়া জাতিৰ দলিলস্বৰূপ চূড়ান্ত এনআৰচি প্ৰকাশ পোৱাৰ আজি এবছৰ উকলি যোৱাৰ পিছতো আৰম্ভ হোৱা নাই আপীল প্ৰক্ৰিয়া। চূড়ান্ত এনআৰচিৰ পৰা যি ১৯ লাখ লোকৰ নাম বাদ পৰিছে সেইসকলৰ ভৱিষ্যতক লৈ অনিশ্চয়তাই দেখা গৈছে। ভাৰতীয় নাগৰিক হিচাপে সকলো ধৰণৰ নথি-পত্ৰ থকাৰ পিছতো চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ ভৱিষ্যৎ কি হ’ব সেই লৈ বিভিন্ন সময়ত চৰ্চা লাভ কৰি থকাৰ সময়তে শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। চূড়ান্ত এনআৰচিৰ পৰা পুনৰ বাদ পৰিব লক্ষাধিক লোকৰ নাম। এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ বাবে অযোগ্য হিচাপে বিবেচিত হোৱা লোকসকলৰ নামৰ তালিকাৰ লগতে স্পীকিং অৰ্ডাৰসহ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু ডিআৰচিআৰসকলক বিস্ত´ত প্ৰতিবেদন দাখিল কৰিবলৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই পত্ৰ প্ৰেৰণ কৰিছে।

 উল্লেখ্য যে যোৱা বৰ্ষৰ ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিক লৈ বিভিন্ন সময়ত চৰ্চা লাভ কৰিছিল। বিশেষকৈ ১৯ লাখ লোক বাদ পৰাৰ বিষয়টোক লৈ বিভিন্ন দল-সংগঠনে বিষোদ্‌গাৰ প্ৰকাশ কৰিছিল। একপ্ৰকাৰ সংখ্যাক লৈ বিভিন্ন দল-সংগঠনে চূড়ান্ত এনআৰচিখনক মানি ল’ব খোজা নাছিল। বহু অযোগ্য লোকৰ নাম চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল। আনকি ঘোষিত বিদেশী, ‘ডি’ ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা বহু লোকৰ সতি-সন্ততিৰ নাম চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হোৱা বুলি চৰ্চা লাভ কৰিছিল। চূড়ান্ত এনআৰচি প্ৰকাশ পোৱাৰ এবছৰতকৈও অধিক দিনৰ পিছত এতিয়া ‘ডি’ ভোটাৰ, ঘোষিত বিদেশীৰ সতি-সন্ততিৰ নাম অন্তৰ্ভুক্তিক লৈ তৎপৰ হৈ পৰিছে এনআৰচিৰ সমন্বয়কগৰাকী। সেয়ে এনআৰচিত অন্তৰ্ভুক্ত হোৱা ‘ডি’ ভোটাৰ, ঘোষিত বিদেশী, বিদেশীৰ সতি-সন্ততিৰ নাম কৰ্তন কৰিবলৈ এনআৰচিৰ সমন্বয়কগৰাকী তৎপৰ হৈ পৰিছে। সেইসকল লোকৰ নাম কিয় কৰ্তন কৰা হ’ল তাৰ স্পীকিং অৰ্ডাৰসহ সকলোৰে নাম তালিকা প্ৰস্তুত কৰি এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত দাখিল কৰিবলৈ শৰ্মাই যোৱা ১৩ অক্টোবৰত প্ৰতিখন জিলাৰ উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। 

এনআৰচিৰ ৰাজ্যিক সমন্বয়কগৰাকীৰ উক্ত পত্ৰই স্পষ্ট কৰিছে যে চূড়ান্ত এনআৰচিৰ পৰা আৰু বহু লোকৰ নাম কৰ্তন হ’ব, সেয়া নিশ্চিত। বিগত এটা বছৰে চূড়ান্ত এনআৰচিৰ যাৱতীয় কাম-কাজ স্তব্ধ হৈ আছিল। আনকি যি ১৯ লাখ লোকৰ নাম কৰ্তন হৈছিল সেইসকলৰ নাম কিয় কৰ্তন হৈছিল সেই সন্দৰ্ভত কোনোধৰণৰ জাননী জাৰি কৰা হোৱা নাছিল। আজি এটা বছৰে ১৯ লাখ লোকে চৰম অনিশ্চয়তাত দিন অতিবাহিত কৰিবলগীয়া হৈছে। তেনে সময়তে এনআৰচিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে চূড়ান্ত এনআৰচিৰ পৰা নাম কৰ্তন কৰিবলৈ দিয়া পত্ৰই এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে। সমাগত নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তেই এনআৰচিৰ সমন্বয়কগৰাকী এক ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও বিভিন্ন দল-সংগঠনে অভিযোগ কৰে।