Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধুবুৰীত ৮০ বিঘা ৱাক্‌ফ সম্পত্তি দুষ্ট চক্ৰৰ কবলতঃ ৱাক্‌ফ ব’ৰ্ডক বিভাগলৈ ৰূপান্তৰ কৰাৰ দাবী অসম গৰিয়া পৰিষদৰ

দুবছৰত ৱাক্‌ফ সম্পত্তিৰ পৰা ৫৮ লাখ টকাৰ ৰাজহ উপাৰ্জন মহানগৰ প্ৰতিবেদক, ২১ অক্টোবৰ : ৱাক্‌ফ ব’ৰ্ডক স্বতন্ত্ৰতা দিবলৈ বিভাগলৈ উন্নীতকৰণৰ দাবী ...

দুবছৰত ৱাক্‌ফ সম্পত্তিৰ পৰা ৫৮ লাখ টকাৰ ৰাজহ উপাৰ্জন


মহানগৰ প্ৰতিবেদক, ২১ অক্টোবৰ : ৱাক্‌ফ ব’ৰ্ডক স্বতন্ত্ৰতা দিবলৈ বিভাগলৈ উন্নীতকৰণৰ দাবী জনাইছে অসম গৰিয়া পৰিষদে। অসম গৰিয়া পৰিষদে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰি কয় যে আনসমূহ বিভাগৰ দৰে ৱাক্‌ফ ব’ৰ্ডকো বিভাগলৈ উন্নীতকৰণ কৰিব লাগে। ৱাক্‌ফ সম্পত্তি সদ্ব্যৱহাৰ কৰিলে ইয়াৰ সম্পত্তিৰ পৰা বহু লাখ টকাৰ ৰাজহ উপাৰ্জন কৰিব পৰা যায়। কিন্তু ৱাক্‌ফ সম্পত্তি একাংশ দুষ্ট চক্ৰই বেদখল কৰাকে ধৰি ব্যক্তিগত কাৰ্যত একাংশই ব্যৱহাৰ কৰাৰ ফলত এই সম্পত্তিৰ পৰা যি মাত্ৰাত ৰাজহ উপাৰ্জন হ’ব লাগিছিল সেই হিচাপে হৈ উঠা নাই।  ৱাক্‌ফ সম্পত্তিৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহ বছৰি উপাৰ্জন কৰিব পৰা যায়। যি উপাৰ্জনৰ ধনেৰে সংখ্যালঘু লোকসকলৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু আজিকোপতি সেইটো হৈ উঠা নাই।

 স্বৰাজোত্তৰ কালৰে পৰাই ৱাক্‌ফ সম্পত্তি বেদখল কৰি  আছে একাংশ। ইমানেই নহয়, কেইবা দশক ধৰি ৱাক্‌ফ সম্পত্তিসমূহ ৱাক্‌ফ ব’ৰ্ডৰ অধ্যক্ষসকলে সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছে। আজিৰ সংবাদ মেলত অসম গৰিয়া পৰিষদৰ উপদেষ্টা আব্দুল হামিদে কয় যে সংখ্যালঘু উন্নয়ন মন্ত্ৰীৰ নেতৃত্বতেই ৱাক্‌ফ ব’ৰ্ড পৰিচালনা হ’ব লাগে। কংগ্ৰেছ চৰকাৰৰ দিনত মৃতপ্ৰায় হৈ থকা ৱাক্‌ফ ব’ৰ্ডক পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাই তেওঁ কয় যে মাত্ৰ এজন ব্যক্তিক সন্তুষ্ট কৰিবলৈ ৱাক্‌ফ ব’ৰ্ডৰ অধ্যক্ষ নিযুক্তি দিয়া পৰম্পৰা চৰকাৰে ভংগ কৰিব লাগে। তেওঁ হাজাৰ কোটি টকাৰ ৱাক্‌ফ সম্পত্তি উদ্ধাৰ, সংৰক্ষণ আৰু সদ্ব্যৱহাৰৰ স্বাৰ্থত সংখ্যালঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্ত আৰু ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া চৈয়দা হাছিনা মুৰ্ছিদ ৰহমানে কৰা কাৰ্যক প্ৰশংসা কৰে। তেওঁ কয় যে এওঁলোকৰ প্ৰচেষ্টাৰ বাবে যোৱা দুবছৰত ৱাক্‌ফ সম্পত্তিৰ পৰা ব’ৰ্ডে ৫৮ লাখ টকা ৰাজহ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। 

লগতে ভূমি বেদখলমুক্ত, নতুনকৈ ব্যৱসায়িক চুক্তি স্বাক্ষৰ, বেদখলমুক্ত সম্পত্তিত ব’ৰ্ডৰ হৰ্ডিং, ৱাক্‌ফ সম্পত্তিক লৈ চলি থকা গোচৰৰ ৰায়দান ব’ৰ্ডৰ সপক্ষে আনিবলৈ সক্ষম হৈছে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী চৈয়দা হাছিনা মুৰ্ছিদ ৰহমানে। ইয়াৰ উপৰি তেওঁ কয় যে ধুবুৰী টাউনত ৮০ বিঘা ৱাক্‌ফ সম্পত্তি দুষ্ট চক্ৰই বেদখল কৰি ৰাখিছে। ইয়াৰ ফলত ৱাক্‌ফ ব’ৰ্ড ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত হৈছে। বেদখল হৈ থকা সম্পত্তি ৱাক্‌ফ সম্পত্তিসমূহ বেদখলমুক্ত কৰিব লাগে বুলি চৰকাৰলৈ দাবী জনাইছে। ইয়াৰ উপৰি ৱাক্‌ফ সম্পত্তিৰ ওপৰত আমছুকে ধৰি আন সংগঠনক দৃষ্টি ৰাখিবলৈ অসম গৰিয়া পৰিষদে আহবান জনাইছে। সংবাদ মেলত অসম গৰিয়া পৰিষদৰ উপদেষ্টাগৰাকীয়ে আৰু কয় যে ২০১৮-১৯ বিত্তীয় বৰ্ষত ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰি ফাঁচি বজাৰৰ অহিদুৰ ৰহমান ৱাক্‌ফ সম্পত্তিৰ পৰা ১৪,৬১,৬৯২ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

 একেদৰে ২০১৯-২০ বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ ২৮,১৪,৮৫৬ টকালৈ বৃদ্ধি পাইছে। অৰ্থাৎ দুটা বৰ্ষতে ফাঁচি বজাৰৰ ৱাক্‌ফ সম্পত্তিৰ পৰা কেৱল ভাৰাৰ বাবদ ৪২,৭৬,৫৭৮ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ২০১৮ ৰ পৰা ২০২০ৰ এই দুটা বছৰত ফাঁচি বজাৰৰ ৱাক্‌ফ সম্পত্তিৰ ধাৰা আৰু নতুন চুক্তিৰ জৰিয়তে আমানত ধন হিচাপে যথেষ্ট হাৰত ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ব’ৰ্ডে।  ৱাক্‌ফ ব’ৰ্ডৰ ৰাজহ বিপুলভাৱে বৃদ্ধি পোৱাৰ বাবে এতিয়া এটা চক্ৰই শংকিত হৈ সমস্ত প্ৰক্ৰিয়াটোত বাধা দিবলৈ উঠি-পৰি লাগিছে।  তথ্য অনুসৰি ২০১০-১১ৰ বিত্তীয় বৰ্ষত ফাঁচি বজাৰৰ ৱাক্‌ফ সম্পত্তিৰ পৰা ভাৰাৰ বাবদ আহিছিল ১,৭১,৬০৮ টকা, ২০১১-১২ ইয়াৰ পৰিমাণ আছিল ৬১,০৮০ টকা, ২০১২-১৩ বৰ্ষত ১,২৬,৬৪৭ টকা, ২০১৩-১৪ বৰ্ষত ৬৮,৫১২ টকা, ২০১৪-১৫ত ৭৬,৬০০ টকা, ২০১৫-১৬ বৰ্ষত ৭১,৪০০ টকা, ২০১৬-১৭ বৰ্ষত ৯২,৪০০ টকা, ২০১৭-১৮ত আমানত ধনসহ ৬,১৭,৯৯৪ টকা ভাৰা হিচাপে সংগ্ৰহ কৰে। সেইদৰে ২০১৮-১৯ বৰ্ষত ১৪,৬১,৬৯২ টকা আৰু ২০১৯-২০ বৰ্ষত ২৮,১৪,৮৫৬ টকা সংগ্ৰহ কৰে।

 আজিৰ সংবাদ মেলত অসম গৰিয়া পৰিষদে কয় যে পূৰ্বতে ব’ৰ্ডৰ সদস্যই ৱাক্‌ফ সম্পত্তি বেদখল কৰাৰ বাবদ আদালতত অধিবক্তা নিয়োগ কৰি লাখ লাখ টকা খৰচ কৰাৰ পিছতো একঠা মাটিও ব’ৰ্ডৰ অধীনলৈ আনিবলৈ সক্ষম হোৱা নাছিল। পূৰ্বৰ অধ্যক্ষ নেকিবুৰ জামানে তেওঁৰ এজন গাংগুলী উপাধিৰ এজন জুনিয়ৰক ব’ৰ্ডৰ অধিবক্তা হিচাপে নিয়োগ কৰিছে যদিও আদালতত এদিনো অধিবক্তাজন উপস্থিত হোৱা নাই।  অথচ অধিবক্তাজনে ব’ৰ্ডৰ পৰা প্ৰায় ৫ লাখৰো অধিক টকা আদায় কৰিছে। ইমানেই নহয়, বৰ্তমানলৈকে অধিবক্তাগৰাকীয়ে ব’ৰ্ডৰ পৰা মাহিলি দৰমহা লৈ আছে। আজিৰ সংবাদ মেলত অসম গৰিয়া পৰিষদৰ উপদেষ্টা আব্দুল হামিদৰ উপৰি উপস্থিত থাকে সভাপতি ৰহমছা আলী আৰু সম্পাদক ফাইজুল হক।

No comments