Page Nav

HIDE

আই পি এল ২০২০, প্ৰথমবাৰ বাবে দ্বিতীয় ছুপাৰ অভাৰঃ কিং ইলেভেন পঞ্জাৱৰ হাতত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ

আজি ডুবাইত অনুষ্ঠিত আই পি এল-২০২০ৰ ৩৬নং মেচত দ্বিতীয় ছুপাৰ অভাৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পঞ্জাবৰ জয়৷ মেচখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বে...

আজি ডুবাইত অনুষ্ঠিত আই পি এল-২০২০ৰ ৩৬নং মেচত দ্বিতীয় ছুপাৰ অভাৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পঞ্জাবৰ জয়৷ মেচখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰি ডি ক’কৰ ৫৩ ৰান,  ক্ৰুনাল পাণ্ডেৰ ৩৪ ৰান, হাৰ্ডিক পাণ্ডিয়াৰ ৮ ৰান, কাইৰন পোলাৰ্ডৰ ৩৪ ৰান আৰু কালটাৰ নাইলৰ  ২৪ ৰানৰ বিনিময়ত নিৰ্ধাৰিত ২০ অভাৰত  ৬ উইকেট হেৰুৱাই ২০ অভাৰত ১৭৬ ৰান কৰে। মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ১৭৭ ৰানৰ লক্ষ্য আগত লৈ খেলিবলৈ আহি কে এল ৰাহুল ৭৭ ৰান ক্ৰিছ গেইলৰ ২৪ ৰান,  নিকোলাচ পোৰানৰ ২৪ ৰান দীপক হুদাৰ ২৩ ৰান আৰু ক্ৰিচ জৰ্দানৰ ১৩ ৰানৰ বিনিময়ত ৬ উইকেট হেৰুৱাই  ২০ অভাৰত  ১৭৬ ৰান কৰিবলৈ সক্ষম হয় কিং ইলেভেন পঞ্জাৱ৷ ফলত  মেচখন টাই হয় আৰু ছুপাৰ অভাৰৰ খেল অনুষ্ঠিত হয়৷ 

প্ৰথম ছুপাৰ অভাৰৰ খেলত কিংছ ইলেভেনে মাত্ৰ ৫ ৰান কৰিবলৈ সক্ষম হয় । ৬ ৰান লক্ষ্য ৰাখি খেলিবলৈ অহা মুম্বাই ইণ্ডিয়ানছেও মাত্ৰ ৫ ৰান কৰিবলৈ সক্ষম হোৱাত  মেচখনত দ্বিতীয়বাৰৰ বাবে টাই হয়৷ দ্বিতীয়বাৰৰ টাই মেচৰ প্ৰথম ইনিংছত  মুম্বাই ইণ্ডিয়ানছে ১১ ৰান কৰি ১২ ৰানৰ লক্ষ্য বান্ধি  দিয়ে পঞ্জাবক৷ পঞ্জাবৰ হৈ খেলিবলৈ অহা অপেনিং বেটছমেন ক্ৰিছ গেইলে  প্ৰথমটো বলত ছিক্সাৰ মাৰি  ৫ বলত ৭ ৰানৰ ব্যৱধান আনে৷পিছত মায়ংক আগৰৱালে দুটা চাৰি কোবাই মেচখন নিজৰ অধনীলৈ আনে৷ এইদৰে  দ্বিতীয় ছুপাৰ অভাৰত  কিং ইলেভেন পঞ্জাবে   মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে৷